ডিব্ৰু-ছৈখোৱা প্ৰকল্পৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ডিব্ৰু-ছৈখোৱা

সোমবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তিনিচুকীয়া জিলাৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সমিপৰ কলিয়াপানীত ডিব্ৰু-ছৈখোৱা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।

‘শ্বদেশ দৰ্শন’ আঁচনিৰ অধিনত নিৰ্মাণ কৰিবলৈ লোৱা উক্ত প্ৰকল্পটো নিৰ্মাণত ১৯ কোটি টকা ব্যয় হ’ব।

প্ৰকল্পটোৰ নিৰ্মাণে পৰ্যটনৰ ক্ষেত্ৰত এক গুৰুতপূৰ্ণ ভূমিকা লব বুলি আশা প্ৰকাশ কৰি মুখ্য মন্ত্ৰীজনে আৰু কয় যে উক্ত প্ৰকল্পটোৰ উপৰি ৰাজ্য চৰকাৰে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সমিপৰ নতুন গাঁৱৰ প্ৰত্যেকটো পৰিয়ালক আলহী ঘৰ নিৰ্মাণৰ বাবে ৩ লাখকৈ প্ৰদান কৰিব। উক্ত আলহী ঘৰ সমূহত পৰিয়ালসমূহে ৰাষ্ট্ৰীয় উদ্যানখনলৈ দেশ-বিদেশৰ পৰা অহা পৰ্যটকক আলহী হিচাপে ৰাখিব পাৰিব। ইয়াৰ জৰিয়তে গাঁৱৰ লোকসকলে উপাৰ্জনৰ নতুন পথ উলিয়াবলৈ সক্ষম হ’ব বুলিও তেওঁ মন্তব্য কৰে।

উক্ত আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্য মন্ত্ৰীৰ উপৰি পৰ্যটন মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা, লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান সবৰুৱা, তিনিচুকিয়া জিলাৰ উপায়ুক্ত ঐনামচৰন কুমাৰ সিং শদিয়াৰ বিধায়ক বলিন চেতিয়া আৰু চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকা উপস্থিত থাকে।