ডিমৌত ট্ৰাকৰ খুন্দাত থিতাতে নিহত অষ্টম শ্ৰেণীৰ ছাত্ৰ : চালক, হেণ্ডিমেনক গণপ্ৰহাৰ

dimou truck killed a student

ডিমৌৰ আঠাবাৰীত আজি দিনৰ ভাগত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। NL-01Q-7894 নম্বৰত পঞ্জীয়নভুক্ত চিমেন্টভৰ্তি ট্ৰাকখনে ডিমৌৰ পৰা আঠাবাৰী অভিমুখে গৈ থকা অৱস্থাত পথৰ দাঁতিত ৰৈ থকা জুবিন বাঢ়ৈ নামৰ এজন অষ্টম শ্ৰেণীৰ ছাত্ৰক খুন্দিয়াই থিতাতে নিহত কৰে। ট্ৰাকখনৰ চালকজনে দুৰ্ঘটনাটো সংঘটিত কৰি প্ৰথমে পলায়ন কৰে যদিও পাছত ৰাইজে কৰায়ত্ত কৰি চালক আৰু হেণ্ডিমন দুয়োজনকে বেয়াকৈ প্ৰহাৰ কৰে।

উত্তেজিত ৰাইজৰ প্ৰহাৰত চালক আৰু হেণ্ডিমেনজন গুৰুতৰভাৱে আহত হয়। ইতিমধ্যে ঘটনাস্থলীত ডিমৌ আৰক্ষীৰ লোক আহি উপস্থিত হয়। আৰক্ষীৰ সন্মুখতে চালক-হেণ্ডিমেনক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি উত্তেজিত ৰাইজে ট্ৰাকখন ভাঙি চুৰমাৰ কৰে। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত উপস্থিত আৰক্ষীৰ লোকে চালক আৰু হেণ্ডিমেনক উদ্ধাৰ কৰাৰ চেষ্টা কৰিও উত্তেজিত লোকৰ ৰোষৰ পৰা দুয়োকে উদ্ধাৰ কৰাত ব্যৰ্থ হয়।

উত্তেজিত জনতাৰ সৈতে হোৱা হতাহতিত তিনিজন আৰক্ষীৰ লোকো আহত হয়। পিছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হৈ যোৱাত বাধ্যত পৰি আৰক্ষীয়ে শূন্যলৈ ৫জাঁই গুলী-চালনা কৰিবলৈ কৰে। আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰাৰ পাছত পৰিস্থিতিয়ে আৰু অধিক ভয়াবহ ৰূপহে লয়।

আৰক্ষীয়ে বহু কষ্টেৰে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক উদ্ধাৰ কৰে যদিও প্ৰাপ্ত তথ্য অনুসৰি তাৰে এজনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে।

বৰ্তমান ডিমৌ হাৰিপৰা আলিলৈ হাতত  দা-যাঠি লৈ ওলাই আহিছে শ শ লোক। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আপ্ৰাণ চেষ্টা চলাই আছে আৰু উত্তেজিত ৰাইজক  ৰাস্তাত ‘বেৰিকেড’ দি বাধা প্ৰদান কৰি আছে। বৰ্তমানেও পথৰ ওপৰতে পৰি আছে ছাত্ৰজনৰ মৃতদেহ আৰু ট্ৰাকখন। এই ঘটনাৰ উচিত বিচাৰ দাবী কৰি ছাত্ৰজনৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবী তুলিছে উত্তেজিত জনতাই। বৰ্তমান সমগ্ৰ অঞ্চলটোতে উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰি আছে।