ড০ হীৰেন গোহাঁইৰ ঘৰলৈ গৈ সস্তীয়া ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰী সোণোৱালে। আজি যোৰহাট প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এই দৰে সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।
মুখ্যমন্ত্ৰী সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক সুবিধাবাদী আখ্যা দি তৰুণ গগৈয়ে কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হিমন্ত বিশ্ব শৰ্মাই আটাইতকৈ বেছি গালি পৰা মানুহজনৰ ঘৰলৈ গৈ দলৰ মাজত কি চলি আছে সেয়া প্ৰমাণ কৰিলে।
আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সকলো ওলাই আহিছে, কিন্তু অসম চৰকাৰে আজিলৈ এই কথা উপলব্ধি কৰা নাই। তেওঁ লগতে মেঘালয়, নাগালেণ্ড চৰকাৰে যদি বিধেয়কখনৰ বিৰোধিতা কৰিব পাৰে, তেন্তে অসম চৰকাৰে কিয় নোৱাৰে বুলি প্ৰশ্ন কৰে।
একেদৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্পৰ্কতো গগৈয়ে যিখন ভোটাৰ তালিকাৰ ওপৰত নিৰ্ভৰ কৰি পূৰ্বৰ চৰকাৰৰ লগতে বৰ্তমানৰ চৰকাৰখনো গঠন হৈছে সেই ২০১৪ আৰু ২০১৬ চনৰ ভোটাৰ তালিকাত থকা নামবোৰ এন আৰ চিত বাদ পৰিবনে নাই বুলি প্ৰশ্ন কৰে। তেওঁ লগতে অসমত ইনাৰলাইন পাৰ্মিটৰ ব্যৱস্থা কৰাৰো পোষকতা কৰে।
উল্লেখযোগ্য যে অলপতে গুৱাহাটীত এখন সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে ২০১৪ আৰু ২০১৬ চনৰ ভোটাৰ তালিকাত থকা সকলোৰে নাম এন আৰ চিত অন্তৰ্ভুক্ত হ’ব লাগে। তেওঁ এই বুলিও মন্তব্য কৰিছিল যে “তেওঁলোকৰ ভোটেৰেই সৰ্বানন্দ জিকিছে, মই জিকিছো, সকলো বিধায়ক আৰু সাংসদ জিকিছে।”
উক্ত সংবাদমেলতে এনআৰচি প্ৰক্ৰিয়াত গভীৰ ষড়যন্ত্ৰৰ সন্দেহ প্ৰকাশ কৰি গগৈয়ে কৈছিল,‘’চৰকাৰে ৩০ জুনৰ কথা কৈ আছে। আনহাতে যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষয়ো এন আৰ চিৰ কথা কয়। তেওঁৰ এন আৰ চিৰ লগত কি সম্পৰ্ক আছে।‘’
আজিৰ সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰকাশ কৰে যে তেওঁ এখন গ্ৰন্থ লিখি উলিয়াব। ৰাজনৈতিক ঘটনা-পৰিঘটনাৰ আঁৰৰ কাহিনীক লৈ তেওঁ এই গ্ৰন্থখন লিখি উলিয়াব বুলি ব্যক্ত কৰে। ৰাজনৈতিক ক্ষেত্ৰৰ বহু গোপন কথা গ্ৰন্থখনত প্ৰকাশ পাব বুলিও তেওঁ জানিব দিয়ে। ইতিমধ্যে কিতাপখনৰ কাম আৰম্ভ হৈছে বুলি তেওঁ জনায়।