তথ্যচিত্ৰ ‘ব্ৰকেন স্পেকটাৰ’ৰ বাবে নলবাৰীৰ শেৱালী চৌধুৰীলৈ ৰাষ্ট্ৰীয় সন্মান

Amar-Gaon-701x525

জনপ্ৰিয় অভিনেতা তথা টংলাৰ পৱিত্ৰ ৰাভাই চলাই অহা ব্যক্তিগত অনুষ্ঠান ‘দাপোন’ আৰু দাপোণৰ সদস্য-সদস্যাসকলক লৈ নলবাৰীৰ শেৱালী চৌধুৰী নামৰ এগৰাকী মহিলাই দীৰ্ঘদিনৰ পৰাই চলাই আহিছিল এক ব্যতিক্ৰমী প্ৰয়াস।

পৱিত্ৰ ৰাভাৰ সেই দাপোণত জীৱন নিৰ্বাহ কৰা বাওনাসকলৰ জীৱন-ধাৰণ আৰু কৰ্মৰাজিক লৈ এক সৃষ্টিশীল কামত প্ৰায় এবছৰ আগৰে পৰা শেৱালী চৌধুৰীয়ে নিজকে নিয়োজিত কৰি ৰাখিছিল।

অৱশেষত স্বীকৃতি আহিল চৌধুৰীলৈ। দিল্লীত অনুষ্ঠিত হোৱা অষ্টম দাদাচাহেব ফাল্কে ফিল্ম ফেষ্টিভেল ২০১৮ত শেৱালী চৌধুৰী প্ৰযোজিত তথ্যচিত্ৰ ‘ব্ৰকেন স্পেকটাৰ’এ লাভ কৰিবলৈ সক্ষম হয় জুৰিৰ মেনচন সন্মান।

উল্লেখ্য যে শেৱালী চৌধুৰী প্ৰযোজিত আৰু লুইত প্ৰডাকশ্যনৰ নিবেদিত তথ্যচিত্ৰ ‘ব্ৰকেন স্পেকটাৰে’ দিল্লীত ৩০ এপ্ৰিলত অনুষ্ঠিত ফিল্ম ফেষ্টিভেল ২০১৮ লৈ আমণ্ট্ৰণ লাভ কৰিছিল।

শেৱালী চৌধুৰী

জনপ্ৰিয় হিন্দী ছবি টেংগো চাৰ্লিৰ দৰে চিনেমাত অভিনয় কৰা তথা বলিউড এৰি নিজ গাঁৱতে কিবা এটা কৰাৰ উদ্দেশ্যেৰে পৱিত্ৰ ৰাভাই সমাজৰ পৰা সদায় অৱহেলিত বাওনাসকলক লৈ এই দাপোণ আৰম্ভ কৰিছিল।

নলবাৰী চহৰৰ এল এন বি ৰোডৰ বাসিন্দা তথা প্ৰয়াত মহেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ নাতিবোৱাৰী শেৱালী চৌধুৰীয়ে ৰাভাৰ এই কৰ্মৰাজি ৰাষ্ট্ৰীয় প্ৰেক্ষাপেটত দাঙি ধৰাৰ লগতে বাওনাসকলৰ জীৱন-ধাৰণ তথা বাওনাসকল যে সমাজৰে অংগ সেই কথা প্ৰতিপন্ন কৰাৰ উদ্দেশ্যে এই তথ্যচিত্ৰখন নিৰ্মাণ কৰিছিল।

ব্ৰকেন স্পেকটাৰ নামৰ এই তথ্যচিত্ৰখনৰ জৰিয়তে প্ৰথমবাৰৰ বাবে পৰিচালকৰ দৰে গুৰু দায়িত্ব পালন কৰিছিল ধিৰাজ কাশ্যপে।

প্ৰযোজিকা শেৱালী চৌধুৰী আৰু পৰিচালক অধিৰাজ কাশ্যপৰ এনে ব্যতিক্ৰমী চিন্তা, প্ৰয়াস আৰু সাফল্যত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ নলবাৰীচহৰ।