তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিনৰ পৰা ব্যাপক হাৰত ড্ৰাগছৰ ৰমৰমীয়া বেহা অব্যাহত আছে। জিলাখনৰ পেঙেৰী আৰক্ষীয়ে আজি পেঙেৰী থানাৰ সন্মুখত এখন যাত্ৰীবাহী বাছত তালাচী চলাই ১.৩ কিলো ড্ৰাগছ সহ এজন লোকক আটক কৰিবলৈ সক্ষম হয়।
প্ৰাপ্ত তথ্য মতে বৃহৎ পৰিমাণৰ ড্ৰাগছ সৰবৰাহ সম্পৰ্কে এক গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত চলোৱা এই অভিযানত আৰক্ষীয়ে পেঙেৰী থানাৰ সন্মুখত তালাচী চলাই ড্ৰাগছ সহ জেৰম পূৰ্টি নামৰ লোকজনক আটক কৰিবলৈ সক্ষম হয়। জব্দ কৰা ড্ৰাগছখিনিৰ আনুমানিক মূল্য ৭ লাখৰো অধিক হব বুলি অনুমান কৰা হৈছে।
ধৃত জেৰম পূৰ্টিয়ে জনোৱা মতে ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ ড্ৰাগছ ব্যৱসায়ী আৰু এজেণ্টে বিভিন্ন কৌশলেৰে চলাই অহা ড্ৰাগছ সৰবৰাহৰ বিনিময়ত একোগৰাকী এজেণ্টে এবাৰত ২০০০ টকাকৈ লাভ কৰে।
তেওঁ নিজে কুজুপথাৰৰ নিবাসী ৰন্তু সোনোৱালৰ ড্ৰাগছ সৰবৰাহকাৰী হিচাবে বিগত ডেৰ বছৰে কাম কৰা বুলিও আৰক্ষীক জানিবলৈ দিয়ে।
বাতৰি লিখা পৰলৈকে ধৃত পূৰ্টিক আৰক্ষীয়ে ড্ৰাগছ প্ৰতিৰোধী আইনৰ অধীনত পেঙেৰী থানাত এক গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে।