NORTHEAST NOW (Assamese)

তিনিচুকীয়াৰ বৰগোলাত পথ দুৰ্ঘটনাত এজনৰ মৃত্যু

June 30, 2018 8:13 pm · মানস প্ৰতিম গগৈ

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত বৰগোলাত আজি ৩০ জুনৰ দিনৰ ২ বজাত এক পথ দুৰ্ঘটনাত এজন যুৱক নিহত হৈছে।

প্ৰাপ্ত খবৰ অনুসৰি মাৰ্ঘেৰিটাৰপৰা লিডু অভিমুখে গৈ থকা এ এছ ২৩ অ’ চি ৬২১২ নম্বৰ যাত্ৰীবাহী ইষ্টাৰ বাছখনে লিডুৰ পৰা বৰগোলাই দিশত আহি থকা এ এছ ২৩ কিউ ৫৫২৯ নম্বৰৰ স্কুতিখনক বৰগোলাই বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখৰ ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথত খুন্দা মৰাৰ ফলত স্কুতিচালক দাৱা লামা (২৬ বছৰীয়া)  নামৰ যুৱকজন গুৰুতৰভাৱে আঘাতপাপ্ত হোৱাত মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত নি থকা অৱস্থাত মৃত্যু হয়।

যুৱকজনৰ ঘৰ বৰগোলাই ঠিকা লাইনত বুলি জানিব পৰা পৰা গৈছে। ইতিমধ্যে লিডু আৰক্ষীয়ে বাছখন জব্দ কৰিছে।

এটি ন-বছৰীয়া শিশু আৰু পত্নীক এৰি যোৱা দাৱা লামাৰ মৃত্যুত সমগ্ৰ বৰগোলাই অঞ্চলত শোকৰ ছাঁ‌ পৰিছে। এই দুৰ্ঘটনাটোত বাছ চালকজনো সামান্য পৰিমাণে আহত হয়।

Related News