• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তুংগত উঠিছে অনিল-ৰকি আখ্যান : কংগ্ৰেছৰ দুই নেতাৰ অভিযোগ-স্পষ্টীকৰণৰ জোৱাৰে দিছে আমোদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 18, 2018 7:50 pm
অনিল ৰাজা-ৰকিবুলৰ বাকযুদ্ধ আৰু অভিযোগ-স্পষ্টীকৰণ তুংগত।

অনিল ৰাজা-ৰকিবুলৰ বাকযুদ্ধ আৰু অভিযোগ-স্পষ্টীকৰণ তুংগত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যিসময়ত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কংগ্ৰেছ দলটো নিৰ্বাচনী ৰাজনীতিত অবিৰত পতনৰ সন্মুখীন হৈ আছে, অসম প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰা জৰ্জৰিত হৈছে অন্তঃকন্দলত।

যোৱা বেছ কিছুদিন ধৰি চলা অনিল ৰাজা-ৰকিবুল হুছেইনৰ মাজত চলা বাকযুদ্ধ, অভিযোগ তথা স্পষ্টীকৰণৰ জোৱাৰ সাধাৰণ ৰাইজৰ আমোদৰ বিষয় হৈ পৰিছে। দলীয় অনুশাসনৰ সন্মুখীন হ’লেও হাৰ মনা নাই অনিল ৰাজাই। ইটোৰ পিছত সিটো অভিযোগেৰে তেওঁ বিব্ৰত কৰি আহিছে ৰকিবুল হুছেইনক। ফলত তৰণি হেৰাইছে ৰকিবুল হুছেইনৰ।

Apply Now

ইতিপূৰ্বে অনিল ৰাজাৰ অভিযোগৰ ভিত্তিত আয়-বহিৰ্ভূত সম্পত্তিৰ গোচৰ চলি আছে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে। ৰকিবুল হুছেইনেও ভাবুকি দিছে ৰাজাৰ বিৰুদ্ধে আদালতলৈ যোৱাৰ।

তথাপি ভাগৰা নাই অনিল ৰাজা। ফলত আকৰ্ষণীয় হৈছে যুঁজখন। আজি যদি সংবাদমেল দি ৰকিবুল হুছেইনৰ বিৰুদ্ধে ৰাজাই এটা অভিযোগ আনে, তাৰ পিছদিনাই সেই অভিযোগ খণ্ডন কৰিবলৈ একেটা দলৰে ৰকিবুল হুছেইনে সংবাদ মেল আয়োজন কৰে।

উল্লেখযোগ্য যে কালি, অৰ্থাৎ ১৭ মে’ত অনিল ৰাজাই নিজ বাসগৃহতে এখন সংবাদমেলৰ আয়োজন কৰি ৰকিবুল হুছেইনে মাকাওত গৈ কেচিন’ত জুৱা খেলি ক’লা ধন বগা কৰি অনা বুলি গুৰুতৰ অভিযোগ তুলিছিল। ৰকিবুলৰ সৈতে ৰকিবুলৰ পুত্ৰ-কন্যা আৰু ইন্দ্ৰ সিং নামৰ গুৱাহাটীৰ বিখ্যাত ব্যবসায়ী এজনো যোৱা বুলি ৰাজাই সাংবাদিকৰ আগত প্ৰকাশ কৰিছিল।

এই অভিযোগ খণ্ডন কৰিবলৈ আজি ৰকিবুল হুছেইনে গৌৰীসদনত এখন সংবাদমেল আয়োজন কৰি এই অভিযোগ সম্পূৰ্ণৰূপে নস্যাৎ কৰি কয় যে ইন্দ্ৰ সিং কোনো বিখ্যাত ব্যবসায়ী নহয়, তেওঁ গুৱাহাটী মহানগৰ যুৱ কংগ্ৰেছৰ নিৰ্বাচিত কাৰ্য্যালয় সহায়ক আৰু সম্পাদকৰ দায়িত্বতহে আছে। আনহাতে, প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে তেওঁৰ সৈতে ইন্দ্ৰ সিং মাকাওলৈ যোৱা বুলি অনিল ৰাজাই অনা অভিযোগ সম্পূৰ্ণৰূপে নস্যাৎ কৰে।

হুছেইনে অনিল ৰাজাক দালাল আৰু ৪২০ আখ্যা দি কয়, “যদি মোৰ সৈতে তেওঁ মাকাওলৈ গৈছে, তেন্তে প্ৰমাণ কৰিব পাৰিলে মোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক। যদি প্ৰমাণিত নহয় তেন্তে যিজনে এই অভিযোগ আনিছে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা হাতত ল’ব লাগে। মানসিকভাৱে হাৰাশাস্তি প্ৰদান কৰি থকা হৈছে মোক।‘’

অনিল ৰাজাই ‘মাকাওলৈ ক’লা ধন বগা কৰিবলৈ যায় আৰু ভাল মানুহ নাযায়’ বুলি কোৱা কথাষাৰৰ প্ৰত্যুত্তৰত ৰকিবুলে কয়, “কংগ্ৰেছৰ নেতা কল্যাণ গগৈৰ ভনীয়েক মধুমিতা গগৈ টেব’ল টেনিছ খেলিবলৈ মাকাওলৈ গৈছিল। মই খেলৰ লগত জড়িত লোক হিচাপে তাত ইণ্ড’ৰ গেইমছৰ হাব আছে বুলি জানো।”

তেওঁ লগতে কয়, “নিৰাপত্তাৰক্ষীয়ে আমাক সকলো তন্ন তন্নকৈ নিৰীক্ষণ কৰিহে যাব দিছিল। মই এটা এজেন্সিৰ পৰা পেকেজ ট’ৰ কৰি গৈছিলো। পেকেজ ট’ৰ অমুসৰি ৫ মে’ আৰু ৬ মে’ত মাকাওত থকা কথা আছিল। ৫ মে’ৰ দিনা সন্ধ্যা ৬ বজাত মাকাওত গৈ উপস্থিত হওঁগৈ। সেইদিনাই খবৰ আহিল যে ৭ মে’ৰ দিনা যুটীয়া সংসদীয় কমিটিৰ শুনানিৰ দিন ধাৰ্য্য কৰা হৈছে। সেই খবৰ পায়েই আমি ৬ মে’ৰ দিনা পুৱা ৬ বজাত ফ্লাইটেৰে অসমলৈ বুলি ৰাওনা হওঁ।”

উল্লেখযোগ্য যে অনিল ৰাজাই কালিৰ সংবাদমেলত অভিযোগ কৰিছিল যে ৰকিবুল হুছেইনৰ পত্নীৰ নামত লখিমপুৰত বৃহৎ পৰিমাণৰ ভূমি আছে আৰু সেই মাটিৰ হিচাপ তেওঁ ২০১৬ চনৰ বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী আয়োগৰ ওচৰত দাখিল কৰা নাছিল। লগতে তেওঁ এই বিষয়ক লৈ আয়কৰ বিভাগ আৰু ভাৰতীয় নিৰ্বাচনী আয়োগলৈ এক পত্ৰও প্ৰেৰণ কৰিছিল।

অনিল ৰাজাই প্ৰেৰণ কৰা পত্ৰখনত হুছেইনৰ পত্নী নাজৰিন হুছেইনৰ নামত লখিমপুৰ টাউন কমিটিৰ অন্তৰ্গত ১৪ নং ৱাৰ্ডৰ মধুপম নগৰত দাগ নং ১৩০/পট্টা নং ১৭৮ ৰ ৬ কঠা মাটি আছে যদিও নিৰ্বাচনৰ পূৰ্বে সম্পত্তিৰ তালিকা দাখিল কৰাৰ সময়ত সেই মাটিখিনিৰ হিচাপ দিয়া নাছিল বুলি কোৱা হৈছে। সেয়েহে তেওঁৰ বিধায়কৰ পদতো খাৰিজ কৰিব লাগে বুলি অনিল ৰাজাই চিঠিখনত স্পষ্ট ৰূপত উল্লেখ কৰিছিল।

অনিল ৰাজাই অনা এই অভিযোগকো সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে ৰকিবুল হুছেইনে। লগতে তেওঁৰ পত্নীৰ নামত লখিমপুৰৰ তেনেকুৱা ঠাইত কোনো মাটি নাই বুলি সদৰী কৰি তেওঁ কয় যে যদি মাটি আছে বুলি প্ৰমাণিত হয় তেন্তে তেওঁ শাস্তি মূৰ পাতি ল’বলৈও প্ৰস্তুত।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd