ত্ৰিপুৰাত বৃক্ষৰোপণ মহোৎসৱ : প্ৰকৃতি আৰু মানৱতাক ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত কৰাৰ অংগীকাৰ

Plantation Festival_Tall Plantation

”মই মানুহ। এগৰাকী দায়িত্বশীল বিশ্ব নাগৰিক হিচাপে মই অংগীকাৰ কৰোঁ যে মই এই পৃথিৱীখনক ৰক্ষা কৰিম আৰু মানৱতাক তুলি ধৰিম। প্ৰতিটো বাৰিষা কালত সমগ্ৰ বিশ্বতে বৃক্ষৰোপণক আমি মানুহৰ বাবে সেউজ উৎসৱ হিচাপে পালন কৰোঁ আহক। । মই ভৱিষ্যত প্ৰজন্মৰ বাবে পৰিৱেশতন্ত্ৰ আৰু পাৰিপাৰ্শিক নিৰাপত্তাৰ বাবে মোৰ অৱদান নিশ্চিত কৰিম। শান্তি”

এয়াই হৈছে কালি আৰম্ভ হোৱা বৃক্ষৰোপণ মহোৎসৱত প্ৰকৃতি সংৰক্ষণ কৰিবলৈ বৰগাছিয়া, খাম্পাৰপাৰা, ৱাবুছা এই তিনিখন গাঁৱৰ ৰাইজে গ্ৰহণ কৰা অংগীকাৰ।

এই বৃক্ষৰোপণ মহোৎসৱৰ আয়োজকসকল হৈছে ডেভেলপমেণ্ট ইনিশ্বিয়েটিভ ফ’ৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট,ফৰেষ্ট ৰিছাৰ্চ চেণ্টাৰ ফ’ৰ লাইভলিহুড এক্সটেনশ্যন আৰু জন উন্নয়ন সমিতি, ত্ৰিপুৰা নামৰ সংগঠনকেইটা।

বৃক্ষৰোপণ মহোৎসৱৰ থিম হৈছে, ‘‘বাৰিষা কালত সমগ্ৰ বিশ্বতে বৃক্ষৰোপণক আমি মানৱতাৰ বাবে সেউজ উৎসৱ হিচাপে পালন কৰোঁ আহক।’’

বহনক্ষম আৰু সেউজ উন্নয়ন উদ্যোগৰ পৰামৰ্শদাতা তথা এই বৃক্ষৰোপণ মহোৎসৱৰ ধাৰণাক সাকাৰ ৰূপ প্ৰদান কৰোঁতা অনীল জিয়ে কৈছে যে বৃক্ষৰোপণ মহোৎসৱে এটা সাধাৰণ উৎসৱৰ দৰে আমাক এটা পৰিয়ালৰ দৰে একতাৰ ডোলেৰে বান্ধি পেলাইছে।

তেওঁ কৈছে, ‘‘আমি বৃক্ষৰোপণ মহোৎসৱ প্ৰতিখন গাঁৱতেই অনুষ্ঠিত কৰিব পাৰোঁ। একমাত্ৰ প্ৰকৃতিয়েহে আমাক একত্ৰিত কৰিব পাৰে।

অনীল জিয়ে আৰু কয় যে আমি আমাৰ গাঁও আৰু সমাজক এটা পৰিয়াল হিচাপে গঢ়ি তোলাৰ দিশত কিমান অৱদান আগবঢ়াইছো আৰু কিয় মানুহ আজি আত্মকেন্দ্ৰিক হৈ পৰিছে তাৰ আমি আত্ম-মূল্যায়ন কৰা উচিত।

তেওঁ আৰু কয়, ‘‘আমি আমাৰ পৰিৱেশ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে কিবা অৱদান দিছোঁ নেকি নিজকে প্ৰশ্ন কৰিব লাগে। বৃক্ষৰোপণ মহোৎসৱ হৈছে এই প্ৰশ্নসমূহৰ উত্তৰ বিচৰা এটা উৎসৱ। আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰাকৃতিক নিৰাপত্তা নিশ্চিত কৰিম।

আগৰতলাৰ ফৰেষ্ট ৰিছাৰ্চ চেণ্টাৰ এণ্ড লাইভলিহুড এক্সটেনশ্যনৰ মুৰব্বী তথা জ্যেষ্ঠ বিজ্ঞানী পৱন কৌশিকে কয় যে দাতাসকলৰ পৰা ৪০০০তকৈও অধিক গছ পুলি সংগ্ৰহ কৰি সেই সমূহ গাঁওৱাসীসকলক প্ৰদান কৰা হৈছে।

‘‘গাঁৱবাসীসকলে বৃক্ষৰোপণৰ বাবে উপলব্ধ ভূমি দেখুৱাই দিছে আৰু তেওঁলোকে ইয়াত বৃক্ষৰোপণ কৰাৰ বাবে গছৰ পুলি লাভ কৰিছে। কেইগৰাকীমান সদস্যই নেমু, আম আৰু বাঁহ ৰোপণ কৰাৰ বিকল্প গ্ৰহণ কৰিছে।’’

ঘৰুৱাভাৱে বৃক্ষৰোপণ কৰাটোত অধিক জোৰ প্ৰদান কৰা হৈছে। এই ক্ষেত্ৰত ফল প্ৰদানকাৰী বৃক্ষৰ পুলি প্ৰদান কৰা হৈছে।

পৰম্পৰাগত বনৌষধিৰে ৰোগ নিৰাময় কৰা এগৰাকী লোকে এখন  আটাইতকৈ দৰকাৰী বনৌষধিৰে সমৃদ্ধ এখন বাগিচা সৃষ্টি কৰাটোত সমৰ্থন আগবঢ়াইছিল।

কৌশিকে আৰু কৈছে যে বিদ্যালয়সমূহৰ চৌহদ আৰু ইয়াত ৰোপণ কৰা গছসমূহ ধুমহাৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈ আহিছে। বিদ্যালয়ৰ চৌহদত ঘন ঘনকৈ বাঁহ ৰুই বাঁহভিত্তিক বহুমুখী বতাহ-ৰোধক ব্যৱস্থা গঢ়ি তোলা হয় মহোৎসৱত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়ে ধুমুহা ৰোধ কৰাত সহায়ক হ’ব বুলি তেওঁ কয়।

পৰৱৰ্তী বছৰৰ প্ৰয়োজনীয়তাখিনিৰ কথা বিৱেচনা কৰি সৰু সৰু পুলিসমূহ পলিথিনিৰ মোনাত ৰোপণ কৰি থোৱা হৈছে।

বিধায়ক আশীষ দাসে বৃক্ষৰোপণ, ক্ৰীড়া আৰু সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰি জনসাধাৰণক উৎসাহিত কৰিছিল।

উল্লেখ্য যে আগৰতলাৰ কেইগৰাকীমান জ্যেষ্ঠ নাগৰিকে বৃক্ষৰোপণ মহোসৱ সম্পৰ্কে ছচিয়েল মেডিয়াত বাৰ্তা লাভ কৰি বৃক্ষৰোপণ স্থানত উপস্থিত হৈছিল।

এই বৃক্ষৰোপণ মহোৎসৱত আগৰতলা ইণ্টাৰনেশ্যনেল স্কুলৰ শিক্ষাৰ্থী আৰু ত্ৰিপুৰাৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থী, সমপ্ৰদায়টোৰ শিশু মহিলাসকলেও যোগদান কৰিছিল।