দিচপুৰ প্ৰেছ ক্লাবত শিক্ষক জীতেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ স্মৃতিচাৰণ সভা

আজি দিছপুৰ প্ৰেছ ক্লাবত ক্লাবৰ সভাপতি নৰেন হাজৰিকাৰ সভাপতিত্বত সাংসদ বিজয়া চক্ৰৱৰ্তীৰ স্বামী তথা বিশিষ্ট শিক্ষাবিদ জিতেন্দ্ৰ নাথ চক্ৰৱৰ্তীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে তেওঁ শিক্ষকতা কৰা মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গুৱাহাটীবাসী প্ৰাক্তন ছাত্ৰসমাজৰ উদ্যোগত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়।

স্বৰ্গীয় জিতেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ প্ৰাক্তন ছাত্ৰ তথা সমাজ কৰ্মী বসন্ত বৰুৱাই বন্তি প্ৰজ্বলন কৰি এই স্মৃতিচাৰণ সভাখন আৰম্ভ কৰে।

এই স্মৃতিচাৰণ সভাত উপস্থিত থাকি মঙলদৈৰ প্ৰাক্তন উপায়ুক্ত তথা চক্ৰৱৰ্তীৰ একালৰ প্ৰিয় ছাত্ৰ মেহতাবুদ্দিন আহমেদে কয় যে চক্ৰৱৰ্তী এগৰাকী কৰ্মনিষ্ঠাৱান শিক্ষক আছিল আৰু তেনে শিক্ষক বৰ্তমান প্ৰেক্ষাপটত খুব কম।

তেওঁ লগতে কয় যে বৰ্তমান প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকক সন্মান জনোৱাত অৱহেলা কৰা বুলি মন্তব্য কৰি তেওঁৰ শ্ৰদ্ধাৰ শিক্ষক জিতেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ সৈতে কটোৱা সুমধুৰ স্মৃতি ৰোমন্থন কৰি কয় ‘এসময়ত তেওঁ মোক ভাল মানুহ হ’বি বুলি কৈছিল, তেওঁৰ আশীৰ্বাদতে মই এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে নিজকে পৰিচয় দিব পাৰিলো।’

এই স্মৃতিচাৰণ সভাত গুৱাহাটীত বাস কৰা  মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰসমাজৰ হৈ অভিনেতা গুৰুপ্ৰসাদ শৰ্মা, সাংবাদিক কুমুদ চন্দ্ৰ ডেকা, মঙলদৈৰ প্ৰাক্তন উপায়ুক্ত মেহতাবুদ্দিন আহমেদ,  অতিৰিক্ত মুখ্য অভিযন্তা দিলীপ কুমাৰ শৰ্মা উপস্থিত থাকে।