অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতি বাৰে বাৰে বিঘ্নিত কৰিব খোজা দুষ্টচক্ৰৰ আন এটা প্ৰয়াসক সফলভাৱে চিনাক্ত কৰিবলৈ আৰক্ষী সক্ষম হৈছে।
উল্লেখযোগ্য যে অসম বিজেপিৰ সভাপতি তথা বিধায়ক ৰঞ্জিত দাসৰ সমষ্টি বৰপেটাৰ সৰভোগত কালি ছ’চিয়েল মিডিয়াত পাকিস্তান জিন্দাবাদ, হিন্দুস্তান মুৰ্দাবাদ বুলি পোষ্ট দিয়াৰ ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা বিয়পি পৰিছিল।
ইয়াৰ পিছতে আৰক্ষীয়ে তৎপৰতাৰে এই পোষ্টটো দিয়া ফেইচবুক একাউণ্টটোৰ গৰাকী আহেদুল আলীক সন্ধিয়াক আটক কৰিছিল। কিন্তু উত্তেজিত জনতাই এই অভিযোগতে কালি আহেদুল আলীৰ দোকানখনো জ্বলাই দিছিল আৰু এক ব্যাপক আইন-শৃংখলাজনিত সমস্যাৰ সৃষ্টি কৰিছিল।
আনকি ‘দেশদ্ৰোহী’ আলীক গ্ৰেপ্তাৰৰ দাবীত সৰভোগ থানাও ঘেৰাও কৰিছিল প্ৰতিবাদকাৰীসকলে। স্থানীয় বিজেপি আৰু আৰ এছ এছ কৰ্মকৰ্তাই আৰক্ষীক খবৰ দিছিল আৰু আলীক গ্ৰেপ্তাৰৰ দাবী তুলিছিল। লগতে তেওঁলোকক পাকিস্তান মুৰ্দাবাদ দিয়াও দেখা গৈছিল।
আৰক্ষীয়ে তৎপৰতাৰে প্ৰাথমিক তদন্ত কৰি কালি ৰাতিয়েই একাউণ্টটোৰ গৰাকী তথা ব্যৱসায়ী যুৱক আহেদুল আলীক সোধা-পোছাৰ বাবে আটক কৰে। কিন্তু সোধা-পোছাৰ পিছত আৰক্ষীয়ে আচল কথাৰ পম বিচাৰি পায়। সোধা-পোছাৰ পিছত আৰক্ষীয়ে গম পায় যে আহেদুল আলীয়ে ভালকৈ ফেইচবুক একাউণ্ট চলাবই নাজানে। তেতিয়া উৰহী গছৰ ওৰ ওলাই পৰে। আহেদুল আলীয়ে তেওঁৰ একাউণ্টটো জ্যোতিষ নাথ নামৰ বন্ধু এজনে খুলি দিছিল। লগতে তেওঁ এনেকুৱা কোনো পোষ্ট দিয়া নাছিল বুলিও দাবী কৰে।
আৰক্ষীয়ে এই সূত্ৰৰ আঁত ধৰি সৰভোগৰ ৰামপুৰ গাৱঁৰ জ্যোতিষ নাথ নামৰ যুৱকজনৰ সন্ধানত নামি পৰে আৰু তেওঁক আটক কৰে। সোধা-পোছাৰ অন্তত তেওঁ নিজৰ মুখেৰে এই অপকৰ্মৰ কথা স্বীকাৰ কৰে। তেওঁ আহেদুল আলীৰ একাউণ্টটো ডেৰ বছৰমানৰ পূৰ্বে খুলি দিয়া বুলি আৰু পাছৱ’ৰ্ড জনা বুলি আৰক্ষীৰ আগত কোৱাৰ লগতে এই বিতৰ্কিত পোষ্টটো তেৱেঁ দিয়া বুলিও স্বীকাৰ কৰে।
মন কৰিব লগীয়া যে কিছু দিন পূৰ্বে নলবাৰী জিলাৰ বেলশৰতো আইছিছৰ পতাকা উদ্ধাৰ হোৱা ঘটনা সন্দৰ্ভত বিজেপিৰ কৰ্মকৰ্তাক সোধা-পোছাৰ বাবে আটক কৰিছিল উক্ত ঘটনাত আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি পুৱতি নিশাতে বিজেপি কৰ্মী ক্ৰমে- কৈহাটীৰ পৰা তপন বৰ্মন, চামতাৰ পৰা মোজাম্মিল আলী, বৰুৱাকুৰৰ পৰা মুন আলী, বেলশৰৰ পৰা পুলক বৰ্মন, পিপলিবাৰীৰ পৰা দীপজ্যোতি ঠাকুৰীয়া, সৰজ্যোতি বৈশ্য আৰু খেলুৱা পাটোৱাৰীক সোধা-পোছাৰ বাবে আটক কৰিছিল।
বৰপেটাৰ পৰা পুলেন্দ্ৰ দাস :
ফেইচবুক একাউণ্টটোৰ গৰাকী আহেদুল আলীক মুক্তি দিলে আৰক্ষীয়ে
কালি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ গৃহ সমষ্টি সৰভোগত এজন ব্যক্তিয়ে ফেইচবুকত পাকিস্তানৰ জিন্দাবাদ আৰু হিন্দুস্তানৰ মুৰ্দাবাদ দি পোষ্ট দিয়াক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ পিছত আজি ঘটনাই নতুন মোৰ লয়। এই সন্দৰ্ভত আৰক্ষীয়ে উক্ত ফেইচবুক একাউণ্টৰ গৰাকী আহেদুল আলীক কালি সন্ধিয়াই আটক কৰিছিল যদিও আজি সৰভোগ আৰক্ষীয়ে অনুসন্ধান কৰি ঘটনাৰ মূল অভিযুক্ত সৰভোগৰ ৰামপুৰ গাৱঁৰ জ্যোতিষ নাথ নামৰ যুৱকজনক আজি পুৱতি নিশা আৰক্ষীয়ে আটক কৰে ৷
আৰক্ষীৰ জেৰাত জ্যোতিষ নাথ নামৰ যুৱকজনে আহেদুল আলীৰ ফেইচবুক একাউণ্ট হেক কৰি ফেচবুকত পাকিস্তান জিন্দাবাদ, হিন্দুস্তান মুৰ্দাবাদ বুলি এটি পোষ্ট আপডেট দিয়াটো স্বীকাৰ কৰে। আহেদুলৰ আলীৰ সৈতে থকা ব্যক্তিগত শত্ৰুতাৰ বাবেই আহেদুল আলীক বিপদত পেলাবৰ বাবেই আহেদুলৰ ফেচবুক একাউন্ট হেক কৰি ফেচবুকত উত্তেজক মন্তব্য দিয়াৰ কথা জ্যোতিষ নাথে স্বীকাৰ কৰা বুলি আৰক্ষীৰ পৰা জানিব পৰা গৈছে।
ইপিনে ফেইচবুক একাউণ্টৰ গৰাকী আহেদুল আলীক আজি বিয়লিৰ ভাগত আৰক্ষীয়ে মুক্ত কৰি দিয়া বুলি জানিব পৰা গৈছে। অসম আৰক্ষীয়ে তৎপৰতাৰে অনুসন্ধান কৰি সাতামপুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰিব বিচৰা ঘটনাৰ মূল অভিযুক্তক আটক কৰাক অসম আৰক্ষীৰ বৃহৎ সফলতা বুলি স্বীকাৰ কৰিছে সচেতন ৰাইজে।
এই ঘটনা সন্দৰ্ভত গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ উপ-সভাপতি মুকুল আলীয়ে জনায় যে সৰভোগ সমষ্টিত হিন্দু-মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ এটি বিশেষ চক্ৰ তৎপৰ হৈ আছে। এনে চক্ৰক নিঃশেষ কৰি অঞ্চলটোৰ সাতামপুৰুষীয়া সম্প্ৰীতি অক্ষুণ্ণ ৰখাৰ বাবে আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে নেতা গৰাকীয়ে।
তলত দিয়া ভিডিঅ’টো মুন্না আহমেদৰ পৰা পোৱা গৈছে।