যোৰহাটৰ পৰা দিছপুৰ অভিমুখে আহি থকা অৱস্থাত শুকুৰবাৰে দেৰগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাধৰা আহোমপথাৰত অসম বিধানসভাৰ অধ্যক্ষ তথা যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ বাহনখন দুৰ্ঘটনতাত পতিত হয়। ৰাতিপুৱা প্ৰায় ৯ বজাত সংঘটিত পথ দুৰ্ঘটনাটোত অধ্যক্ষ গোস্বামী কোনোআঘাত নোপোৱাকৈ ৰক্ষা পৰে।
অধ্যক্ষৰ বাহনখনত থকা গোস্বামীৰ পত্নী আৰু দুজন আত্মীয় সামান্য পৰিমানে আহত হয়।
জানিব পৰা মতে এ এছ ০১ বি এ এফ ০০০১ নম্বৰৰ হোণ্ডা চিআৰভি বাহনখেনেৰ গোস্বামীয়ে তেওঁৰ পত্নী, ককায়েক আৰু নবৌৱেকৰ সৈতে আহি থকা অৱস্থাত বিপৰীত দিশৰ পৰা আহি থকা এ এছ ০১ ডি ডি ০৫৬২ নম্বৰৰ এখন তীব্ৰবেগী ডি আই ভানে অধ্যক্ষ উঠি অহা বাহনখনৰ সোঁপিনে খুন্দা মাৰে।
ডি আই ভানখনৰ খুন্দাৰ ফলত অধ্যক্ষই উঠি অহা বাহনখন পথৰ দাঁতিত ৰৈ যায়। বাহনখন পথৰ দাঁতিৰ দ খাৱৈত পৰি যোৱা হ’লে এক ভয়ংকৰ দুৰ্ঘটনাৰ সংঘটিত হ’লহেঁতেন।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত দেৰগাঁও আৰক্ষী উপস্থিত হৈ আহতকেইজনক স্থানীয় চিকিৎসালয়লৈ লৈ যায় আৰু প্ৰাথমিক চিকিৎসাৰ অন্তত তেওঁলোকক যাবলৈ দিয়া হয়।
দুৰ্ঘটনাৰ পিছত দেৰগাওঁ আৰক্ষীয়ে অইন এখন বাহন যোগাৰ কৰি দি অধ্যক্ষ আৰু তেওঁৰ পৰিয়ালটোক গুৱাহাটীলৈ যোৱাৰ ব্যৱস্থা কৰি দিয়ে। আনহতে, আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ডি আই বাহনখন জব্দ কৰিছে।