NORTHEAST NOW (Assamese)

দোষী সাব্যস্ত হ’লে মে’জৰ লিতুল গগৈ সন্মুখীন হ’ব দৃষ্টান্তমূলক শাস্তিৰ : সেনা প্ৰধান ৰাৱাত

May 25, 2018 9:39 pm · এন ই নাও নিউজ
Updated: May 25, 2018 10:03 pm
মে’জৰ লিতুল গগৈ। ফাইল ছবি।

দোষী সাব্যস্ত হ’লে মে’জৰ লিতুল গগৈ ( Major Leetul Gogoi )এ উপযুক্ত শাস্তি পাব। ভাৰতীয় সেনাৰ মুৰব্বী বিপিন ৰাৱতে আজি ২৫ মে’ত এই কথা ঘোষণা কৰিছে।

‘মে’জৰ গগৈয়ে যদি কিবা ভুল কৰিছে, মই ক’ব পাৰো যে তেওঁ যথাযোগ্য শাস্তি পাব আৰু শাস্তিটো দৃষ্টান্ত থাকি যোৱা ধৰণৰ হ’ব’, ৰাৱাতে ক’লে।

অভিযোগ মতে যোৱা ২৩ মে’ত শ্ৰীনগৰৰ এখন হ’টেলত ১৮ বছৰীয়া ছোৱালী এগৰাকীৰ সৈতে প্ৰৱেশ কৰিব খোজোতে হ’টেল কৰ্তৃপক্ষৰ সৈতে বাক-বিতণ্ডা লগাত আৰক্ষীয়ে তেওঁক সোধ-পোচৰ বাবে আটক কৰিছিল।

‘ভাৰতীয় সেনাৰ কোনো বিষয়া কোনো দোষী হ’লে, আমি সম্ভৱপৰ কঠোৰতম শাস্তি প্ৰদান কৰিম’ ৰাৱাতে পেহেলগামৰ আৰ্মি গুডৱিল স্কুল ভ্ৰমণৰ সময়ত সাংবাদিকক জনায়।

ৰাৱাতে লগতে কয় ‘ভাৰতীয় সেনাৰ যিকোনো পদবীধাৰীয়েই কোনো ভুল কৰিলে আৰু সেয়া আমাৰ দৃষ্টিগোচৰ হ’লে কঠোৰতম ব্যৱস্থা লোৱা হ’ব।’

উল্লেখযোগ্য যে যোৱা বছৰ কাশ্মীৰত এগৰাকী যুৱকক মে’জৰ গগৈয়ে সেনাৰ জীপৰ আগত বান্ধি গাড়ী চলোৱাক লৈ ব্যাপক বিতৰ্ক হৈছিল।

Related News