দৰমহা বৃদ্ধিৰ দাবীত সদৌ অসম প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনি সন্থাৰ প্ৰতিবাদ

মধ্যাহ্ন ভোজন

বিধান সভাৰ বাজেট অধিবেশন চলি থকাৰ সময়তে আজি সদৌ অসম প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনি ও সহায়িকা সন্থাই দৰমহা বৃদ্ধিৰ দাবীত দিচপুৰ লাষ্টগেটত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

উল্লেখ্য যে মধ্যাহ্ন ভোজন ৰান্ধনিৰ লগতে সহায়িকাসকলে দৰমহা বৃদ্ধিৰ দাবীত বিগত কংগ্ৰেছ চৰকাৰৰ দিনৰে পৰা প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও বৰ্তমান লৈকে তেওঁলোকৰ দাবীসমূহ পূৰণ কৰা নকৰাৰ বাবেই তেওঁলোকে আজি পুনৰ প্ৰতিবাদত বহা বুলি জানিবলৈ দিয়ে।

সন্থাৰ সম্পাদিকা জাহানাৰা বেগমে নৰ্থ ইষ্ট নাওক জানিবলৈ দি কয়, “২০০৪ চনৰ ডিচেম্বৰ মাহৰ পৰাই আমি মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত কাম কৰি আহিছো। বিগত কংগ্ৰেছ চৰকাৰৰ লগতে বৰ্তমানৰ বিজেপি চৰকাৰখনৰ সময়ছোৱাত সময়ে সময়ে বিভিন্ন প্ৰতিবাদ কৰি অহাৰ পিছতো কোনো এখন চৰকাৰে আমাৰ দৰমহা বৃদ্ধিৰ দাবী মানি লোৱা নাই।”

ইয়াৰ উপৰি তেওঁ দুখ প্ৰকাশ কৰি কয় “চৰকাৰে আমাক আমাৰ ন্যায্য দাবীৰ পৰা বঞ্চিত কৰি আহিছে। আজিৰ যুগত ১০০০ টকাৰে এটা পৰিয়াল পোহপাল দিয়াটো সম্ভৱপৰ নহয়।”

এই সন্দৰ্ভত সম্পাদিকাগৰাকীয়ে অনতি পলমে তেওঁলোকৰ দৰমহা ১০০০ টকাৰ পৰা ৯৬০০ টকালৈ বৃদ্ধি কৰিব লাগে বুলি চৰকাৰৰ ওচৰত দাবী তোলে।

বিদ্যালয়ৰ মধ্যাহ্ন ভোজন ৰন্ধাৰ উপৰি ছাত্ৰ-ছাত্ৰীসকলৰ নখ, দাঁত চাফা কৰা, বাচন-বৰ্তন ধুৱা আদি কামতো তেওঁলোকক ব্যৱহাৰ কৰি অহা বুলিও অভিযোগ উত্থাপন কৰে।

তদুপৰি ৰন্ধা-বঢ়াৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰীৰ বজাৰ কৰাৰ দায়িত্ব শিক্ষকৰ পৰিৱৰ্তে ৰান্ধনীসকলক গটাই দিয়াৰ বাবেও তেওঁলোকে প্ৰতিবাদস্থলীৰ পৰা চৰকাৰৰ ওচৰত দাবী জনায়।

উল্লেখ্য যে ডি. ই.এছ .পি./৮/৯৫-৯৬ পি-৪/৩০-০৫-০৯ তাং ১৩/১২/০৪ ৰ জাননীৰ জৰিয়তে এই ৰান্ধনী-সহায়িকাসকলক কংগ্ৰেছ চৰকাৰৰ দিনতে নিযুক্তি প্ৰদান কৰা হৈছিল।

প্ৰতিবাদকাৰী সকলে প্ৰতিবাদৰ অন্তত কামৰূপ জিলা উপায়ুক্তক সাক্ষাৎ কৰি এখনস্মাৰক পত্ৰ প্ৰদান কৰিব বুলিও জানিবলৈ দিয়ে।