আজি ২ মে’ত দুপৰীয়া ১ মান বজাত অহা এজাক ধুমুহাই কাৰ্বি আংলঙৰ লগতে কাষৰীয়া নগাওঁ আৰু গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত ব্যাপক ক্ষতিসাধন কৰে। ধুমুহাৰ ফলত গছ বাগৰি বোকাজানত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰাৰ লগতে সমগ্ৰ অঞ্চলসমূহতে বিদ্যুৎ সংযোগো ব্যাহত হৈছে।
লংকাৰ এজাৰবাৰীত ধুমুহাই ঘৰ ভঙাত এগৰাকী মহিলা আহত হৈছে। আনহাতে গোলাঘাটৰ সৰুপথাৰ উৰিয়ামঘাটৰ অসম–নাগালেণ্ড সীমান্তৰ ৰজাপুখুৰী গাঁৱত অৱস্থিত অসম আৰক্ষী বেটেলিয়নৰ কেম্পটো ধুমুহাত চূৰ্ণ–বিচুৰ্ণ হৈছে।
ধুমুহাই বিভিন্ন ঘৰৰ মূধচ উৰাই নিয়াৰ লগতে বিভিন্ন ঠাইত গছ বাগৰি পৰা আৰু বিদ্যুতৰ খুঁটাও বাগৰি পৰিছে। প্ৰায় ২ ঘণ্টা ধৰি চলা ধুমুহা-বৰষুণজাকে তাৰোপৰি লংকাৰ লস্কৰপথাৰ, ভালুকমাৰী, এজাৰবাৰীত, কাকী, সৰুপথাৰৰ চেইনপুৰ, ৰতনপুৰ আৰু চেতীয়াগাওঁ, কাৰ্বি আংলঙৰ বোকাজান চহৰৰ লগতে খটখটী, হাতীগড়, চিমে’ণ্ট কাৰখানাৰ আৱাসিক এলেকা, চুখাজান, বৰমান্থি, মাজ গাওঁ, চ’ত ৰেচ’ আদি এলেকাত বিস্তৰ ক্ষতিসাধন কৰে।
ধুমুহাই বিধ্বস্ত কৰা বিদ্যুৎ ব্যৱস্থা ঠিক কৰিবলৈ কমেও ২৪ ঘণ্টা সময় লাগিব বুলি জনাইছে বিদ্যুৎ পৰিষদে।