ৰাজ্যত নতুনকৈ স্থাপন হ’বলগীয়া ১৯খন কৰ্কট প্ৰতিষ্ঠানৰ ভূমি পূজনৰ লগত সংগতি ৰাখি নগাঁৱতো আজি ভূমি পূজন কাৰ্যসূচী সম্পন্ন হয়।
এই উপলক্ষে নগাঁও জিলাৰ ম’হখুলিত অসম চৰকাৰ আৰু টাটা ট্ৰাষ্ট্ৰ উদ্যোগত কৰ্কট ৰোগৰ চিকিৎসালয়ৰ ভূমি পূজনৰ শুভাৰম্ভণী কৰে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে।
আনহাতে ভূমি পূজনৰ সমান্তৰালকৈ অনুষ্ঠিত হোৱা সভাত জিলা উপায়ুক্তগৰাকীয়ে কয় যে নগাঁৱৰ লগতে সমগ্ৰ অসমৰ বাবে আজি এক গুৰুত্বপূৰ্ণ দিন। কাৰণ, টাটা ট্ৰাষ্টৰ সহযোগিতাত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অভিলাসী প্ৰকল্পৰ জৰিয়তে ৰাজ্যখনৰ লগতে উত্তৰ-পূবৰ লোকসকলক সুলভ স্বাস্থ্য সেৱা উপলব্ধ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ইয়াৰদ্বাৰা অসম তথা উত্তৰ-পূৱৰ কৰ্কট ৰোগীসকলক যথেষ্ট উপকৃত কৰিব।
আজিৰ ভূমি পূজন অনুষ্ঠানত টাটা ট্ৰাষ্টৰ বিষয়া অনিল কুমাৰ, জিলা জনসংযোগ বিষয়া সমৰ কলিতা, জিলা পৰিবহণ বিষয়া ৰূপক পূজাৰী প্ৰমুখ্যে জিলা স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে সহস্ৰাধিক লোক উপস্থিত থাকে।