নগাওঁ জিলাৰ বেবেজীয়াৰ সমীপৰ মাজ জামুগুৰিৰ ঐতিহ্যমণ্ডিত ২৫০ বছৰীয়া নামঘৰত অহা ৫ আৰু ৬ জুনত আয়োজন কৰা হৈছে বাৰ্ষিক মহানাম মহোৎসৱ আৰু ভাগৱত পাঠ অনুষ্ঠান। উদযাপন সমিতিৰ সভাপতি নন্দেশ্বৰ নাথ আৰু প্ৰদীপ কুমাৰ নাথে নৰ্থ ইষ্ট নাওক এই কথা জানিবলৈ দিছে।
৫ জুনৰ পুৱা ৫ বজাত নামঘৰৰ মণিকূটত বন্তি জ্বলাই ডবাৰ ধ্বনিৰে জাগৰণ দি সমগ্ৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰিব। ইয়াৰ পিছতে অনুষ্ঠিত হ’ব পুৱা প্ৰসংগ, ছাফাই অভিযান, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, শৰাই সঁফুৰা অৰ্চন বন্দন আৰু ভাগৱত ভ্ৰমণ অনুষ্ঠান।
দিনৰ ভাগত খোল আৰু নাম প্ৰসংগ অনুষ্ঠানৰ পাছতে ভাগৱত পাঠৰ অনুষ্ঠানৰ শুভাৰম্ভ হ’ব। সন্ধিয়া নামঘৰ প্ৰাংগণত সমূহীয়াভাৱে বন্তি প্ৰজ্জ্বলন কাৰ্যসূচী অনুষ্ঠিত হ’ব।
৬ জুনৰ পুৱা ভাগৱত পাঠৰ সামৰণি হ’ব। ইয়াৰ পিছতে পুৱা প্ৰসংগ, উৎসৱস্থলী নিকাকৰণ, শৰাই সফুঁৰা অৰ্চন বন্দন, কীৰ্তন পাঠ, খোল-নাম প্ৰসংগ অনুষ্ঠান অনুষ্ঠিত হ’ব। দিনৰ ভাগত আমন্ত্ৰিত নামতি দলৰদ্বাৰা মহানাম পৰিৱেশিত হ’ব। বিয়লি ধৰ্মধ্বজা অৱতৰণেৰে কাৰ্যসূচীৰ সামৰণি পৰিব।
উদযাপন সমিতিয়ে অনুষ্ঠানৰ দুয়ো দিনৰ কাৰ্যসূচীত ভকত-বৈষ্ণৱৰ উপস্থিতি আৰু সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।