নগাঁৱৰ শিশু সাহিত্যিক ‘নুপূৰ মোমাইদেউ’ৰ ওপজা দিন পালন

7b70fc62-2339-4d0d-82fc-84956b886138

শিশুৰ বৌদ্ধিক, মানসিক বিকাশৰ ক্ষেত্রত বিভিন্ন মনোৰঞ্জনধৰ্মী লেখাৰে ৭০ দশকৰ পৰা অসমৰ জনপ্ৰিয় কাকত আলোচনীৰ এক পৰিচিত নাম হৈছে ত্রৈলোক্য ভট্টাচাৰ্য৷ বিভিন্ন কাকত, আলোচনীত ধাৰাবাহিকভাৱে গল্প, কবিতা আদি লেখাৰে জনপ্ৰিয়তা লাভ কৰা শিশু সাহিত্যিক নগাঁও হাতীচোং মৌজাৰ বাহ্মণগাঁও নিৱাসী ত্রৈলোক্য ভট্টাচাৰ্য অসমৰ বৌদ্ধিক তথা সাহিত্য জগতত ‘নুপূৰ মোমাইদেউ’ হিচাপে পৰিচিত শিশু সাহিত্যিকগৰাকীয়ে মঙলবাৰে পাৰ কৰে জীৱনৰ ৬৭টা বসন্ত।

সাহিত্যিকগৰাকীৰ ওপজা দিন উপলক্ষে নগাঁও জিলা কবি সন্মিলন আৰু সোণাইপৰীয়া কবি সন্মিলনে তেখেতৰ বাহ্মণগাঁওস্থিত বাসগৃহত এক অনুষ্ঠানৰ আয়োজন কৰে। ৰৌদ্ৰোজ্বল আবেলিত দুৱৰিৰ দলিছা আৰু বিভিন্ন সুগন্ধি ফুলৰ মাজত শিশু সাহিত্যিক গৰাকীক আদৰণি বস্ত্র, গ্ৰন্থ, কলম আৰু এটি গছ পুলিৰে ওপজা দিনৰ ওলগ জনায়।

নগাঁও কবি সন্মিলনৰ সম্পাদক মন্টুমনি বৰাই আঁত ধৰা শব্দ আৰু সুৰেৰে জীপাল হোৱা মনোজ্ঞ অনুষ্ঠানৰ আবেলিটোত শিল্পী পৰাণ দাসৰ বাঁহী বাদনৰ লগতে সোণাইপৰীয়া কবি সন্মিলনৰ সভাপতি দীপজ্যোতি বৰা, সম্পাদক সঞ্জীৱ সাগৰ চৌধুৰী, কবি দুৰ্গেশ্বৰ বৰকটকী, কবি ৰূপম কুমাৰ শৰ্মা, কবি মদাৰজ্যোতি আৰু শিশু কবি পূন্যাশা পুনম চৌধুৰীয়ে কবিতা পাঠেৰে পৰিৱেশ জীপাল কৰি তোলে৷

উল্লেখ্য যে বিভিন্ন শিশু গ্ৰন্থৰে সাহিত্যৰ ভঁৰাল চহকী কৰা সাহিত্যিক ত্রৈলোক্য ভট্টাচাৰ্যই আজিও সাহিত্যিক পেঞ্চনৰ পৰা উপেক্ষিত হৈ থকাটো অতিকৈ দুৰ্ভাগ্যজনক বুলি অনুষ্ঠানত উপস্থিত থকা লোকসকলে মন্তব্য কৰে।