নাগালেণ্ডৰ এটা দুৰ্বৃত্তৰ দলে অপহৰণ কৰি নিয়া অসমৰ গাড়ীচালক আৰু হেণ্ডিমেনক অৱশেষত অপহৰণকাৰীয়ে মুকলি কৰি দিয়ে।
অসমৰ পৰা অপহৃত টেংকাৰ চালক তুলাৰাম বঢ়াগোহাঁই আৰু টেংকাৰখনৰ হেণ্ডিমেন এডমণ্ড চুৰিনক মোককচাঙৰ ভিতৰুৱা গঁৱত মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে।
আনহাতে অপহৰণকাৰীৰ কবলৰ পৰা মুক্তি পাইয়ে দুয়োগৰাকী অপহৃতই ফোনযোগে নিজৰ নিজৰ পৰিয়ালক এই কথা জনায়। দুয়োগৰাকীকে নাগালেণ্ড আৰক্ষীয়ে নিজৰ জিন্মাত লৈ স্বাস্থ্য পৰীক্ষা কৰোৱাই।
নাগালেণ্ড জিলা প্ৰশাসনে অসম আৰক্ষীৰ সৈতে যোগাযোগ কৰি আজি নিশা দুয়োক মৰিয়নি আৰক্ষীক গতাব বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে ২১ এপ্ৰিলত চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা অহা এটা দুৰ্বৃত্তৰ দলে অসমৰ গাড়ীচালক আৰু হেণ্ডিমেন গৰাকীক অপহৰণ কৰাৰ লগতে তেওঁলোকৰ মুক্তিপণ হিচাপে ২০ কোটি টকা দাবী কৰিছিল। ইয়াৰ পিছত বৰ্তমানলৈকে অপহৃতৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছিল মৰিয়নি আৰক্ষী তথা অসম প্ৰশাসন।
লগতে আজি নাগা দুৰ্বৃত্তই অপহৰণ কৰি নিয়া অসমৰ গাড়ী চালক আৰু হেণ্ডিমেন দুগৰাকীক মুক্ত কৰি অনাৰ দাবীত মৰিয়নিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ নেতৃত্বত কংগ্ৰেছ দলে চহৰখনত প্ৰতিবাদ সাব্যস্ত কৰিছিল৷