নগৰ নিগমৰ বৈঠকত সুৰামত্ত বিজেপি নেতা : মহিলাৰ প্ৰস্ৰাৱগাৰত সোমাই উদ্ভণ্ডালি

মদ খাই মাতলামী কৰি এইবাৰ আকৌ এজন বিজেপি নেতাৰ চৰ্চালৈ আহিছে। যোগী ৰাজ্য উত্তৰ প্ৰদেশৰ এজন বিজেপি নেতাই সংঘটিত কৰিছে এই কাণ্ড। 

কানপুৰ নগৰ নিগমৰ বৈঠকত নিগমৰ এগৰাকী সদস্য তথা এগৰাকী বিজেপি নেতাই সুৰামত্ত অৱস্থাত উপস্থিত হোৱা ঘটনাই এতিয়া লাভ কৰিছে তুমুল চৰ্চা। লোকসভা নিৰ্বাচনৰ আগে আগে হাতৰ কুঠাৰ এনেদৰে ভৰিত মাৰিছে বিজেপিৰ নেতাগৰাকীয়ে।

সুৰাৰ ৰাগিত একো ক’বই নোৱাৰা অৱস্থা নেতাগৰাকীৰ।  সুৰাৰ ৰাগীত হিতাহিত জ্ঞান হেৰুৱাই মহিলাৰ শৌচাগাৰত সোমাই প্ৰস্বাৱ কৰিছে নেতাগৰাকীয়ে।

জানিব পৰা মতে কানপুৰৰ ৮১ নং  দৰ্শনপুৰৱা  ৱাৰ্ডৰ সদস্য আশুমেন্দ্ৰ  প্ৰতাপ সিঙে সুৰাসক্ত অৱস্থাত নগৰ নিগমৰ বৈঠকলৈ আহি সকলোকে অস্বস্তিত পেলায়।

এই ঘটনাৰ পিছতে কানপুৰ নগৰ নিগমৰ মেয়ৰ প্ৰমীলা পাণ্ডেই বিজেপি নেতা সিঙক সতৰ্ক কৰি দিবলৈ বাধ্য হয়৷ সংবাদমাধ্যমৰ আগত প্ৰমীলা পাণ্ডেই কয় যে সিঙৰ পত্নীও কানপুৰ নগৰ নিগমৰ এগৰাকী সদস্যা৷ 

উল্লেখ্য যে ইয়াৰ পূৰ্বেও আশুমেন্দ্ৰ প্ৰতাপ সিঙে  কাৰ্যালয়লৈ সুৰামত্ত অৱস্থাত আহিছিল বুলি অভিযোগ কৰিছে বহু সতীৰ্থ-কৰ্মীয়ে৷