‘নতুন ভাৰতৰ বাজেট ২০১৮’ ৰ বাবে প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক ধন্যবাদ জনাইছে পেমা খাণ্ডূৱে

a snow covered hills at Tawang , Heavy snow fall going on in Se-la pass last few days ,1

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে আজি উত্থাপন কৰা ‘নতুন ভাৰতৰ বাজেট ২০১৮’ ক প্ৰতিটো দিশকে সামৰি এখন উৎকৃষ্ট বাজেট বুলি অভিহিত কৰি আদৰণি জনাইছে।

এখন দৰিদ্ৰ মুখী আৰু জনতা কেন্দ্ৰিক বাজেট হিচাপে আদৰণি জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে বাজেটখনে নিঃস্ব কৃষক আৰু গ্ৰাম্যাঞ্চলৰ ওপৰত আলোকপাত কৰাৰ লগতে বিকাশ, চাকৰি সৃষ্টি আৰু ব্যক্তিগত বিনিয়োগক উৎসাহিত কৰিব।

তেওঁ ৰাজ্যখনৰ ছে-লা পাছত এটা সুৰংগ নিৰ্মাণ কৰাৰ প্ৰস্তাৱ ৰখাৰ বাবে প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। ৰাজ্য চৰকাৰৰ এইটো দীৰ্ঘদিনীয়া দাবী আছিল।

‘’এই সুৰংগটোৱে টাৱাং জিলাৰ লোকসকলক এক ডাঙৰ সকাহ দিব আৰু লগতে অঞ্চলটোত পৰ্যটকৰ সংখ্যা দুগুণ বৃদ্ধি কৰিব,’’-খাণ্ডুৱে কয়।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে বাঁহ শিল্প খণ্ডৰ বিকাশৰ বাবে১২৯০ কোটি টকা ব্যয় অনুমোদন সাপেক্ষে নেশ্যনেল বেম্বো মিশ্যনক পুনৰুজ্জীৱিত কৰাৰ বিত্তমন্ত্ৰীৰ প্ৰস্তাৱক আদৰণি জনায়। তেওঁ জনায় যে এই ঘোষণাৰ পৰা অৰুণাচল প্ৰদেশ আটাইতকৈ অধিক উপকৃত হ’ব।

খাণ্ডুৱে লগতে কেন্দ্ৰীয় বাজেটত অনুসূচীত জনজাতি শ্ৰেণীৰ বাবে ৫০ শতাংশতকৈ অধিক জনজাতীয় লোক থকা বা কমেও ২০,০০০ জনজাতীয় লোক থকা দেশৰ প্ৰতিটো খণ্ড উন্নয়ন পৰ্যায়ত ২০২২ চনৰ ভিতৰত নৱোদয় বিদ্যালয়ৰ আৰ্হিত ‘একলব্য’ বিদ্যালয় খোলাৰ প্ৰস্তাৱকো আদৰণি জনাইছে।

তেওঁ স্বাস্থ্য আৰু শিক্ষা খণ্ডত বিশেষ গুৰুত্ব দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক প্ৰশংসা কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় বাজেটত ৮ কোটি দুখীয়া মহিলাক এলপিজি সংযোগ দিয়াৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰাৰ বাবে প্ৰশংসা কৰি কয় যে এই পদক্ষেপে কেন্দ্ৰীয় চৰকাৰৰ ‘সবকা সাথ সবকা বিকাশ’ৰ প্ৰতি থকা গুৰুত্বক প্ৰতিফলিত কৰিছে।