ভাৰত চৰকাৰ আৰু নাগা বিদ্ৰোহী গোট এন এছ চি এন (আই এম)ৰ মাজত হোৱা ফ্ৰেইমৱৰ্ক এগ্ৰিমেণ্টত অসমৰ জেমি নাগাসকল অন্তৰ্ভুক্ত নোহোৱা বুলি কৈ নিজৰ অসন্তুষ্টি ব্যক্ত কৰিছে উত্তৰ-পূব ভাৰতৰ জেমি নাগা পৰিষদ (The Zeme Council of North East India (ZCNEI)) নামৰ সংগঠনটোৱে।
এটা প্ৰেছ বিজ্ঞপ্তি যোগে সংগঠনটোৱে এই অসন্তুষ্টি ব্যক্ত কৰি কৈছে যে অসমৰ পৰা নাগালেণ্ড বিভক্ত হোৱাৰ আগলৈকে জেমি নাগাসকল খিলঞ্জীয়া বাসিন্দা আছিল। তেতিয়া নাগালেণ্ড মাত্ৰ অসমৰ টুৱেনচাং পাহাৰ নামৰ এখন জিলাহে আছিল। ফ্ৰেইমৱ’ৰ্ক এগ্ৰিমেণ্টত অসমৰ জেমি নাগাসকলক চামিল নকৰাটোৱে নাগাসকলৰ একত্ৰিত নাগা গৃহভূমিৰ অভিলাষটো সম্পৰ্কত শুভ ইংগিত নিদিয়ে।
“আমি এই বাদ দিয়াটোক ইচ্ছাপূৰ্বক অৱদমন বুলি জ্ঞান কৰিছো, যিটোৱে অসমৰ আমাৰ জেমি নাগাসকলৰ অৰ্থনৈতিক সমৰ্থনকে ধৰি চৰম বলিদানক হেয়জ্ঞান কৰিলে।” এইদৰে কোৱা হৈছে বিজ্ঞপ্তিটোত।
পৰিষদখনে লগতে এগ্ৰিমেণ্টত ভাগ লোৱাসকলক ফ্ৰেইমৱৰ্ক এগ্ৰিমেণ্টটো পুনৰ পৰ্য্যালোচনা কৰিবলৈ অনুৰোধ জনাইছে। সমগ্ৰ নাগা জাতিৰ স্বাৰ্থ পূৰাব পৰাকৈ বিশেষকৈ অসমৰ জেমি নাগাসকলৰ বৃহত্তৰ স্বাৰ্থত এই এগ্ৰিমেণ্টটোৰ পুনৰ পৰ্য্যালোচনা কৰিবলৈ তেওঁলোকে আহ্বান জনাইছে।