উত্তৰ পূবত বিজেপিৰ ভেটি শক্তিশালী কৰিবলৈ চলোৱা মাৰাথান নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অংশ হিচাপে আজি নাগালেণ্ডৰ টিৱেনচাঙত বিজেপিৰ এক বিশাল সমাৱেশক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।
দিনৰ প্ৰায় ১১.২৪ বজাত পাহাৰীয়া ৰাজ্যখনত উপস্থিত হৈ মোডীয়ে স্বভাৱসুলভভাৱে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ প্ৰসংগ উত্থাপন কৰি কয়: যোগাযোগ ব্যৱস্থা হৈছে ৰাজ্যখনৰ মুখ্য সমস্যা।আমাৰ চৰকাৰখনে এই সমস্যা দূৰ কৰিবলৈ চেষ্টা আব্যাহত ৰাখিছে।
মাত্ৰ ৪ বছৰতকৈও কম সময়ৰ ভিতৰত আমাৰ চৰকাৰখনে ৫০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিছে।আমি নাগালেণ্ডৰ পথ উন্নয়নৰ বাবে আৰু ১০,০০০ কৌটি টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছো। নাগালেণ্ডৰ প্ৰাণকেন্দ্ৰস্বৰূপ কহিমাক স্মাৰ্ট চিটি ৰূপে গঢ় দিবলৈ কেন্দ্ৰই ১৮০০ কৌটি টকা ব্যয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

তেওঁ লগতে কেন্দ্ৰই উন্নয়নৰ বাবে মুকলি কৰা পুঁজি যাতে ৰাইজে লাভ কৰিবলৈ সক্ষম হয় সেই কথাটোত জোৰ দিয়ে।
আনহাতে ঐতিহাসিক নাগা সমস্যা সমাধানৰ বাবে আলোচনাৰ সকলো দুৱাৰ মুকলি আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে নাগালেণ্ডৰ উন্নতিৰ বাবে উত্থাপন হোৱা প্ৰতিটো শব্দকে কেন্দ্ৰই সন্মাই জনাব বুলি প্ৰকাশ কৰে।
বিশাল জনসভাখনত মোডীয়ে লগতে ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ বাবে এখন সুস্থিৰ চৰকাৰৰ প্ৰয়োজনীয়তাৰ কথাও দোহাৰে। আনাহাতে ৰাজ্যখনৰ জনসাধাৰণৰ বাবে কেন্দ্ৰই নতুনকৈ ৮,৫০০ গৃহ নিৰ্মাণৰ বাবে মঞ্জুৰি দিয়া বুলি উল্লেখ কৰে প্রধানমন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বাবে ৪০০ কৌটি টকা মুকলি কৰিব বুলি ঘোষণা কৰে।
উল্লেখ্য যে মোডীৰ এই সভাখনক লৈ পাহাৰীয়া ৰাজ্যখনত ব্যাপক উৎসুকতাই বিৰাজ কৰিছিল।





