নাগৰিকত্ব আইন সংশোধনী বিধেয়কখন গৃহীত হ’লে তীব্ৰ বিৰোধিতা কৰিম: প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতি

বিজেপি চৰকাৰে হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰাৰ লক্ষ্যৰে  নাগৰিকত্ব আইন সংশোধনী বিধেয়কখন গৃহীত কৰাৰ যি চেষ্টা চলায় আছে তাৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাইছে প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিয়ে। নাগৰিকত্ব আইন সংশোধনী বিধেয়কখন যাতে সংসদত গৃহীত নহয় তাৰ বাবে ৰাজ্যজুৰি ব্যাপক আন্দোলন গঢ়ি তোলা হ’ব বুলি শুকুৰবাৰে নগাঁৱত আয়োজিত এক সংবাদমেলত দৃঢ়তাৰে কয়। নাগৰিকত্ব আইন সংশোধন হ’লে অসমৰ ভাষা, সাহিত্য, সংস্কৃতি নিঃশেষ হৈ যাব বুলিও সংবাদমেলত মন্তব্য কৰে।

উক্ত সংবাদমেলতে সমিতিৰ সাধাৰণ সম্পাদক বিজয় হাজৰিকাই কয় ‘ধৰ্মৰ ভিত্তিত নাগৰিকত্ব আইন সংশোধনী কাৰ্য গ্ৰহণযোগ্য নহয়। ১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজনিশাৰ পিছত অহা কোনো বাংলাদেশীকে নাগৰিকত্ব প্ৰদান কৰিব নোৱাৰে। একমাত্ৰ ভোটবেংকৰ স্বাৰ্থত বিজেপিয়ে ধৰ্মৰ ভিত্তিত হিন্দু বাংলাদেশী অসমত সংস্থাপন কৰিব বিচাৰিছে। যদিহে বিধেয়কখন গৃহীত হয় তেন্তে ৮৫৫জন চহিদৰ তেজেৰে সম্পাদন হোৱা অসম চুক্তিক অৱমাননা কৰা হ’ব। আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰি যাম’। সংবাদমেলখনত উপস্থিত থকা সমিতিৰ আন বিষয়ববীয়া সকলেও এখন শুদ্ধ আৰু বিদেশী মুক্ত এন আৰ চি হোৱাটো বিচাৰে বুলি মত ব্যক্ত কৰে। কিন্তু এই বিষয়টো বিপথে পৰিচালিত কৰিবৰ বাবে এটা দুষ্টচক্ৰই অহৰহ অপপ্ৰচাৰ চলায় থকা বুলিও কয় । এনে অপশক্তিৰ বিৰুদ্ধে ৰাইজক সজাগ হৈ থাকিবলৈ সমিতিয়ে আহ্বান জনায়।

৩১ ডিচেম্বৰৰ মাজনিশা প্ৰকাশ পাবলগীয়া এন আৰ চি আংশিক খচৰাত নাম অন্তৰ্ভক্তিৰ বাবে কোনো খিলঞ্জীয়া লোকে চিন্তা কৰিব নালাগে বুলিও সমিতিয়ে মন্তব্য কৰে। আৰু সকলো ৰাইজকে শান্তি শংখলা বজাই ৰাখিবলৈ আহ্বান জনায়।

সংবাদমেলখনত হাজৰিকাৰ উপৰি প্ৰাক্তন আলফা নেতা অকণ বৰা, নঁগাৱ জিলা সমিতিৰ সাধাৰণ সম্পাদক মণি কুমাৰ নাথকে ধৰি কেইবাজনো প্ৰাক্তন আলফা নেতা উপস্থিত থাকে।