• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়কক লৈ বিজেপিৰ স্থিতিয়ে পঞ্চায়ত নিৰ্বাচনৰ ফলত প্ৰভাৱ নেপেলায় : ৰমেন ডেকা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 17, 2018 6:07 pm
RamenDeka

সাংসদ ৰমেন ডেকা। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

পঞ্চায়ত নিৰ্বাচন সমাগত। ইতিমধ্যে কঁকালত টঙালি বান্ধিছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলে। কিন্তু এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত কেন্দ্ৰ আৰু ৰাজ্যত শাসনৰ গাদীত থকা বিজেপি প্ৰত্যহ্বানৰ সন্মুখীন হ’ব নেকি? কাৰণ নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে থিয় দিয়া বিজেপিৰ প্ৰতি ৰাজ্যত মূলতঃ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৰাইজৰ মাজত দেখা গৈছে ক্ষোভৰ বহিঃপ্ৰকাশ।

Apply Now

কিন্তু এই প্ৰশ্নৰ বিপৰীতে দলটোৰ মঙলদৈৰ সাংসদ ৰমেন ডেকাৰ সদম্ভ ঘোষণা, “মোৰ দৃঢ় বিশ্বাস, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিজেপিৰ এই স্থিতিয়ে পঞ্চায়ত নিৰ্বাচনত দলটোৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়।”

নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত সাংসদ ডেকাই এইদৰে কয়।

শেহতীয়াভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বিজেপিৰ স্থিতিক লৈ অসন্তুষ্ট ৰাজ্যৰ মূলতঃ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায়বোৰ দল-সংগঠন, আৰু গৰিষ্ঠসংখ্যক নাগৰিক। বিধেয়কখন বাতিলৰ দাবীত বিভিন্ন ঠাইত অব্যাহত আছে ধৰ্ণা-প্ৰতিবাদ। কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত নিজৰ স্থিতিত অটল বিজেপি।

ইয়াৰ উপৰি নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত আন কেইবাজনো বিজেপি নেতাৰ দৰেই সাংসদ ডেকায়ো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কথা টানি আনি নিৰ্বাচন ওচৰ চপাৰ মুহূৰ্তত দলটোৰ স্থিতি সন্দৰ্ভত কয়, “পঞ্চায়ত নিৰ্বাচনৰ আগমুহূৰ্তত বিজেপিৰ স্থিতি ঠিকেই আছে। অলপ উঠা-নমা হৈ আছে যদিও ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সম্পূৰ্ণ খচৰা প্ৰকাশৰ পাছত বহু কথা পোহৰলৈ আহিব। বহু মানুহ শংকিত হৈ আছে কিন্তু এন আৰ চিৰ সমগ্ৰ বিষয়টো এটা প্ৰক্ৰিয়াৰ মাজেৰে চলি আছে গতিকে তেওঁলোক শংকিত হৈ থাকিব নালাগে।”

অৱশ্যে বিধেয়কখনক লৈ প্ৰবল গণবিৰোধৰ সন্মুখীন হোৱাৰ পাছত সাংসদগৰাকীৰ এই মন্তব্য কিমান দূৰ সঁচা প্ৰমাণিত হয় সেয়া পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ওলালেহে গম পোৱা যাব।

ইপিনে, সাংসদ ৰমেন ডেকাই লগতে কয়, “পঞ্চায়তত আমাৰ ফলাফল ভাল হ’ব। আমাৰ বিধায়ক, আমাৰ সাংসদ আছে, তাৰোপৰি আমি বিকাশ কৰিছো, গতিকে সকলোৰে সমন্নয় ঘটি আমাৰ ফলাফল ভাল হ’ব।”

আনহাতে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপ-বিপিএফৰ সৈতে মিত্ৰতা অক্ষুণ্ণ থকাৰ ইংগিত দিলে সাংসদগৰাকীয়ে। “মিত্ৰতা আমাৰ চলি আছে, পঞ্চায়ত নিৰ্বাচন বা তাৰ আগলৈও মিত্ৰতা থাকিব”, তেওঁ কয়। অৱশ্যে বিজেপিয়ে অকলে নিৰ্বাচনত অৱতীৰ্ণ হ’ব পৰা সম্পূৰ্ণ প্ৰস্তুতি আছে বুলি তেওঁ জানিবলৈ দিয়া লগতে দলটোৰ কেন্দ্ৰীয় নেতৃত্বই যি সিদ্ধান্ত লয় তাৰ ওপৰতো মিত্ৰতাৰ বিষয়টো নিৰ্ভৰ কৰিব বুলি তেওঁ মন্তব্য কৰে।

সাংসদগৰাকীয়ে লগতে নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে যে বিজেপিয়ে গ্ৰামাঞ্চলৰ বিকাশৰ লক্ষ্য লৈ এইবাৰ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ’ব। তাৰ বাবে ‘গ্ৰাম্য স্বৰাজ’ নামৰ এক সপ্তাহজোৰা অভিযানৰ জৰিয়তে সমগ্ৰ অসমৰ গাঁওসমূহলৈ দলটো যোৱা বুলি তেওঁ জানিবলৈ দিয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd