নাগৰিকত্ব বিধেয়ক : আজি গুৱাহাটীত প্ৰতিবাদ সাৱ্যস্ত কৰিব নেছ’ৱে

11-05-18 Guwahati- NESO meeting on Amendment Bill (8)

উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-সংগঠনৰ উমৈহতীয়া মঞ্চ নেছ’ৱে বৃহস্পতিবাৰে শ্বিলঙত যুটীয়া সংসদীয় সমিতিক সাক্ষ্য প্ৰদান কৰাৰ পিছত শুকুৰবাৰে নে’ছৰ নেতাসকল গুৱাহাটীত মিলিত হয়। শ্বিলঙত আঠখন ৰাজ্যৰ জাতীয় সংগঠন একত্ৰিত হৈ বিধেয়কৰ বিৰুদ্ধে যুঁজ দিয়াৰ কথা ঘোষণা কৰিছিল।

শুকুৰবাৰে নে’ছৰ অন্তৰ্ভুক্ত আটাইকেইটা সংগঠনৰ নেতাৰ উপস্থিতিত গুৱাহাটীত এখন বৈঠক অনুষ্ঠিত হয়। আছুৰ কেন্দ্ৰীয় কাৰ্যালয় শ্বহীদ ন্যাসত অনুষ্ঠিত হোৱা বৈঠকত নে’ছৰ সভাপতি চেমুৱেল জেৰুৱা, মুখ্য সম্পাদক চিনাম প্ৰকাশ আৰু মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সহ উত্তৰ -পূবৰ ৰাজ্যৰ ৮ সংগঠনৰ নেতৃত্ব উপস্থিত থাকে।

উক্ত বৈঠকত আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ সহ আছুৰ কেইবাগৰাকী নেতা উপস্থিত থাকে।

নেছ’ৱে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত কৰি চুবুৰীয়া দেশৰ পৰা হিন্দু শৰণাৰ্থী আনি সংস্থাপন কৰিব বিচৰা কাৰ্যক ধিক্কাৰ দিয়াৰ লগতে এই কাৰ্য কেতিয়াও মানি নলয় বুলি কয়। চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা নাগৰিক আহিলে সেয়া কেৱল অসমৰে নহয় সমগ্ৰ উত্তৰ -পূৰ্বাঞ্চলৰ ভাষা-সংস্কৃতিৰৰ লগতে অস্তিত্বৰ প্ৰতি ভাবুকি আহিব বুলি কয় নেতাসকলে।

আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু নেছ’ৰ হৈ চেমুৱেল জেৰুৱাই কয় যে আমি উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন  ৰাজ্য লগ লাগিছো যাতে চৰকাৰে কোনো কাৰণতে বিদেশী সংস্থাপনৰ পক্ষে আইন গৃহিত কৰিব নোৱাৰে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি শনিবাৰে নেছ’ৱে গুৱাহাটী মহানগৰীত প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ঘোষণা কৰি ২১ মে’ত উত্তৰ -পূৰ্বাঞ্চলৰ ৰাজ্যৰ ৰাজধানীসমূহত প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও সিদ্ধান্ত গ্ৰহণ কৰে।

আনহাতে,  শীঘ্ৰে নেছ’ৰ এটি প্ৰতিনিধি দল দিল্লীত উপস্থিত হৈ পুনৰ দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীক সাক্ষাৎ কৰাৰ লগতে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।

এনআৰচিৰ উন্নীতকৰণৰ সময়ত কোনো লোকে এনআৰচিৰ কামত বাধা আহিব পৰা কোনো মন্তব্য প্ৰকাশ কৰিলে সেই ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে আছুৱে। আনহাতে নেছ’ৱে দ্বি-নাগৰিকত্ব ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰি প্ৰতিবাদ গ্ৰহণ কৰাৰ কথাও ঘোষণা কৰিছে।