নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত কৃষক মু্ক্তি সংগ্ৰাম সমিতিয়ে স্থানীয় কেইটামান সংগঠনৰ সহযোগত আজি ডিব্ৰুগড়ত এটা প্ৰতিবাদী শোভাযাত্ৰা বাহিৰ কৰে। এই প্ৰতিবাদী শোভাযাত্ৰাটো ডিব্ৰুগড়ৰ পুৰণি ল’ৰা হাইস্কুল খেলপথাৰৰ পৰা আৰম্ভ কৰি প্ৰধান পথটোৰে পাৰ হৈ যায়। প্ৰতিবাদী সমদলটোৱে হাতে হাতে বেনাৰ, প্লেকাৰ্ড আদি প্ৰদৰ্শন কৰি বিতৰ্কিত বিধেয়কখন বাতিৰ দাবী তোলে।প্ৰতিবাদীসকলে বিদেশীৰ বোজা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি চৰকাৰখনে কেন্দ্ৰই সংশোধন কৰিব খোজা বিধেয়কখথনখনক বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে সমৰ্থন কৰাক গৰিহণা দিয়ে।
কৃষক নেতা অখিল গগৈয়ে কয় যে নাগৰিকত্ব বিধেয়কখন সংশোধন কৰি বিজেপি চৰকাৰখনে অসমলৈ বাংলাদেশী অনিবলৈ বিচাৰিছে। বিতৰ্কিত বিধেয়কখনক অসমৰ খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থৰ পৰিপন্থী বুলি অভিহিত কৰে। অসমৰ ভাষ, সংস্কৃতি আৰু চিনাকিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বিধায়কখন বাতিল কৰাৰ বাবে কৃষক নেতাগৰাকীয়ে দাবী তোলে।
তেওঁ অভিওযগ তোলে যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে এই বিধেয়কখন আইনত পৰিণত কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰি আছে।
উল্লেখ্য যে ২০১৬ৰ আগষ্ট মাহত সদনত উত্থাপন কৰা নাগৰিকত্ব (সংশোধনী) বিধেয়ক,২০১৬ৰ দ্বাৰা নাগৰিকত্ব আইন,১৯৫৫ সংশোধন কৰিব বিচৰা হৈছে। এই বিধেয়কখনৰ জৰিয়তে ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰা ধৰ্মীয় সংখ্যালঘূসকলক নাগৰিকত্ব প্ৰদান কৰিব বিচৰা হৈছে।
অসম চুক্তি অনুসৰি, ১৯৭১ৰ মাৰ্চৰ ২৪তাৰিখৰ পাছত প্ৰৱেশ কৰা সকলক অবৈধ নাগৰিক হিচাপে গণ্য কৰা হৈছে কিন্তু বিজেপি চৰকাৰে অসমৰ জনসাধাৰণৰ স্বাৰ্থ আৰু মতামতৰ বিৰুদ্ধে গৈ ধৰ্মৰ ভিত্তিত অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদান কৰিব বিছাৰিছে।
কৃষক নেতাগৰাকীয়ে কয় যে এই বিধেয়কখনৰ জৰিয়তে বিজেপিয়ে অসমৰ ধৰ্মনিৰপেক্ষ সম্প্ৰদায়টো খণ্ডিত কৰি এটা ভাষিক সংখ্যালঘূ সম্প্ৰদায়ত পৰিণত কৰি অসমীয়া জাতিক রাজনৈতিকভাবে দুর্বল কৰাৰ কৌশল ৰচনা কৰিছে। তেওঁ কয় যে অসমক ডেৰ কোটি হিন্দু বাংলাদেশীৰ চৰণীয়া হ’বলৈ হ’বলৈ এৰি দিয়া নহয় আৰু এই বিধেয়কখন বাতিল নকৰালৈকে তেওঁলোকে যুঁজ কৰি যাব।