বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ শুনানি দিল্লীত অনুষ্ঠিত হোৱা তথা কৃষক মুক্তি সংগ্ৰাম সমিতিক এই শুনানিলৈ আমন্ত্ৰণ নজনোৱাৰ বাবে আজি সংগঠনটোৱে অসমৰ প্ৰতিখন জিলাৰ সদৰত ক’লা পতাকা আঁৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।
ইয়াৰ অংশস্বৰূপে আজি দিনৰ প্ৰায় ১১ বজাত কামৰূপ জিলা দণ্ডাধীশৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক-ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।ক’লা পতাকা আঁৰি প্ৰতিবাদকাৰী সকলে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দি দণ্ডাধীশ কাৰ্যালয়ৰ আকাশ বতাহ উত্তাল কৰি তোলা পৰিলক্ষিত হয়।
অৱশ্যে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে জিলা দণ্ডাধীশ কাৰ্যালয়ৰ সন্মুখৰ পৰা প্ৰায় ৮গৰাকী প্ৰতিবাদকাৰীক আটক কৰে।উল্লেখযোগ্য যে ইয়াৰ ভিতৰত দুগৰাকী মহিলা প্ৰতিবাদকৰীও আছে।
প্ৰতিবাদকাৰী ছাত্ৰ নেতা তথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰে সাংবাদিকৰ আগত কয় যে চৰকাৰে বাক স্বাধীনতা খৰ্ব কৰি যি দমননীতি গ্ৰহণ কৰিছে সেয়া কোনোপধ্যেই মানি লোৱা নহ’ব। অসম আৰু অসমীয়াৰ স্বাৰ্থত কেতিয়াও আপোচ কৰা নহ’ব।
জানিব পৰা মতে আটকাধীন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদকাৰী কেইজনক সম্প্ৰতি মহানগৰীৰ পানবজাৰ আৰক্ষী থানাত ৰখা হৈছে।
নতুন দিল্লীত নাগৰিকত্ব সংশোধনী বিধেয়কৰ শুনানি চলি থকা সময়তে ৰাজ্যজুৰি কৃষক মুক্তিয়ে গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচী যথেষ্ট তাৎপৰ্যপূৰ্ণ।





