• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ’ব অসম ৰাজ্যিক জমিয়ত উলেমা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 9, 2018 6:06 pm
d70caf31-6c9f-4278-b0ba-ee5e22a88f02
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যুটীয়া সংসদীয় সমিতিয়ে অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ ৰ শুনানি গ্ৰহণ কৰি থকাৰ সময়তে এই বিধেয়কখন গৃহীত হ’লে আদালতৰ দ্বাৰস্থ হোৱাৰ হংকাৰ দিছে অসম ৰাজ্যিক জমিয়ত উলেমাই। বুধবাৰে দিচপুৰ প্ৰেছক্লাৱত এক সংবাদমেল সম্বোধন অসমৰ থলুৱা ৰাইজৰ বাবে ভাবুকি স্বৰূপ বিধেয়কখনৰ তীব্ৰ বিৰেোধিতা কৰে জমিয়তৰ সম্পাদক মৌলানা ফজলুল কৰিম কাছিমিয়ে।

কাছিমিয়ে অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি সংকট নমাই আনিব পৰা এই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে জাতি-ধৰ্ম নিৰ্বিশেষে একত্ৰিত হোৱাৰো আহ্বান জনায়।

Apply Now

তেওঁ অসমৰ বাংলা ভাষী লোক আৰু বাঙালী সংগঠন সমূহক উদ্দেশ্যি এইদৰে কয়, “আমি থলুৱা বাঙালীৰ বিৰোধী নহয়। থলুৱা বাঙালী সম্প্ৰদায়ৰ লোকসকলে অসমৰ আন আন জাতি-জনগোষ্ঠীৰ লোকৰ লগত মিলাপ্ৰীতিৰে বাস কৰি আহিছে। এই সম্প্ৰীতি সদায় অক্ষুণ্ণ থাকক।‘‘

জমিয়তৰ সম্পাদক গৰাকীয়ে ধৰ্মৰ ভিত্তিত বিদেশীক ভাগ কৰিব বিচৰা কাৰ্যক গৰিহণা দি অসম চুক্তিৰ আধাৰত ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা সকলো বিদেশীকে চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ দাবী জনায়। কাছিমিয়ে লগতে যিসমূহ ৰাজনৈতিক বা অৰাজনৈতিক দল-সংগঠনে এই বিধেয়কৰ সপক্ষে থিয় দিছে তেওঁলোককো স্থিতি সলনি কৰাৰ আহ্বান জনায়।

তেওঁ লগতে চৰকাৰৰ মিত্ৰদল অসম গণ পৰিষদৰ স্থিতিক সমালোচনা কৰি কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছত অসম গণ পৰিষদে বিজেপিৰ লগত মিত্ৰতা ভংগ কৰি কি লাভ? তেওঁলোকে এতিয়াই মিত্ৰজোঁটৰ পৰা ওলাই অহাৰ দৰকাৰ।

কাছিমিয়ে কংগ্ৰেছৰ ভূমিকাকো কটাক্ষ কৰি কয় যে কংগ্ৰেছৰ ব্ৰহ্মপুত্ৰ উপত্যকাত এটা স্থিতি বৰাক উপত্যকাক বেলেগ এটা স্থিতি। তেওঁ লগতে ৰাজ্যৰ একাংশ জাতীয় সংগঠনে আন আন্দোলনৰ সময়ত যিদৰে সক্ৰিয় সেইদৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বেলিকা তেনেদৰে সক্ৰিয় হোৱা নাই বুলিও মন্তৱ্য কৰে।

সংবাদমেলত উপস্থিত থাকি ৰাজ্যিক জমিয়ত উলেমাৰ অতিৰিক্ত সাধাৰণ সম্পাদক মৌলানা আব্দুল কাদিৰে কয়, “চহিদৰ ত্যাগৰ বিনিময়ত স্বাক্ষৰিত অসম চুক্তি জাতীয় নায়কৰ দ্বাৰা অৱমাননা হ’ব নালাগে। ৮৫৫ গৰাকী চহিদৰ তেজৰ মূল্য যাতে অথলে নাযায় তাৰ প্ৰতি জাতীয় নায়ক মুখ্য মন্ত্ৰী সোণোৱালে গুৰুত্ব দিয়ক।‘’

অসম ৰাজ্যিক জমিয়ত উলেমাই ইতিমধ্যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি যুটীয়া সংসদীয় সমিতিক স্মাৰকপত্ৰ প্ৰদান কৰিছে বুলি জানিবলৈ দিয়ে। সমান্তৰাল ভাৱে জমিয়তৰ অসমৰ প্ৰতিখন জিলা সমিতিয়েও নিজৰ জিলাৰ উপায়ুক্তৰ জৰিয়তে জে পি চি লৈ বিধেয়কখনৰ বিৰোধিতা কৰি স্মাৰকপত্ৰ প্ৰদানৰ ব্যৱস্থা কৰিছে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

August 25, 2026 5:10 pm
বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

August 25, 2026 4:10 pm
দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm
বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

August 25, 2026 3:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

August 25, 2026 5:10 pm
বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

August 25, 2026 4:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd