যুটীয়া সংসদীয় সমিতিয়ে অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ ৰ শুনানি গ্ৰহণ কৰি থকাৰ সময়তে এই বিধেয়কখন গৃহীত হ’লে আদালতৰ দ্বাৰস্থ হোৱাৰ হংকাৰ দিছে অসম ৰাজ্যিক জমিয়ত উলেমাই। বুধবাৰে দিচপুৰ প্ৰেছক্লাৱত এক সংবাদমেল সম্বোধন অসমৰ থলুৱা ৰাইজৰ বাবে ভাবুকি স্বৰূপ বিধেয়কখনৰ তীব্ৰ বিৰেোধিতা কৰে জমিয়তৰ সম্পাদক মৌলানা ফজলুল কৰিম কাছিমিয়ে।
কাছিমিয়ে অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি সংকট নমাই আনিব পৰা এই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে জাতি-ধৰ্ম নিৰ্বিশেষে একত্ৰিত হোৱাৰো আহ্বান জনায়।
তেওঁ অসমৰ বাংলা ভাষী লোক আৰু বাঙালী সংগঠন সমূহক উদ্দেশ্যি এইদৰে কয়, “আমি থলুৱা বাঙালীৰ বিৰোধী নহয়। থলুৱা বাঙালী সম্প্ৰদায়ৰ লোকসকলে অসমৰ আন আন জাতি-জনগোষ্ঠীৰ লোকৰ লগত মিলাপ্ৰীতিৰে বাস কৰি আহিছে। এই সম্প্ৰীতি সদায় অক্ষুণ্ণ থাকক।‘‘
জমিয়তৰ সম্পাদক গৰাকীয়ে ধৰ্মৰ ভিত্তিত বিদেশীক ভাগ কৰিব বিচৰা কাৰ্যক গৰিহণা দি অসম চুক্তিৰ আধাৰত ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা সকলো বিদেশীকে চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ দাবী জনায়। কাছিমিয়ে লগতে যিসমূহ ৰাজনৈতিক বা অৰাজনৈতিক দল-সংগঠনে এই বিধেয়কৰ সপক্ষে থিয় দিছে তেওঁলোককো স্থিতি সলনি কৰাৰ আহ্বান জনায়।
তেওঁ লগতে চৰকাৰৰ মিত্ৰদল অসম গণ পৰিষদৰ স্থিতিক সমালোচনা কৰি কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছত অসম গণ পৰিষদে বিজেপিৰ লগত মিত্ৰতা ভংগ কৰি কি লাভ? তেওঁলোকে এতিয়াই মিত্ৰজোঁটৰ পৰা ওলাই অহাৰ দৰকাৰ।
কাছিমিয়ে কংগ্ৰেছৰ ভূমিকাকো কটাক্ষ কৰি কয় যে কংগ্ৰেছৰ ব্ৰহ্মপুত্ৰ উপত্যকাত এটা স্থিতি বৰাক উপত্যকাক বেলেগ এটা স্থিতি। তেওঁ লগতে ৰাজ্যৰ একাংশ জাতীয় সংগঠনে আন আন্দোলনৰ সময়ত যিদৰে সক্ৰিয় সেইদৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বেলিকা তেনেদৰে সক্ৰিয় হোৱা নাই বুলিও মন্তৱ্য কৰে।
সংবাদমেলত উপস্থিত থাকি ৰাজ্যিক জমিয়ত উলেমাৰ অতিৰিক্ত সাধাৰণ সম্পাদক মৌলানা আব্দুল কাদিৰে কয়, “চহিদৰ ত্যাগৰ বিনিময়ত স্বাক্ষৰিত অসম চুক্তি জাতীয় নায়কৰ দ্বাৰা অৱমাননা হ’ব নালাগে। ৮৫৫ গৰাকী চহিদৰ তেজৰ মূল্য যাতে অথলে নাযায় তাৰ প্ৰতি জাতীয় নায়ক মুখ্য মন্ত্ৰী সোণোৱালে গুৰুত্ব দিয়ক।‘’
অসম ৰাজ্যিক জমিয়ত উলেমাই ইতিমধ্যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি যুটীয়া সংসদীয় সমিতিক স্মাৰকপত্ৰ প্ৰদান কৰিছে বুলি জানিবলৈ দিয়ে। সমান্তৰাল ভাৱে জমিয়তৰ অসমৰ প্ৰতিখন জিলা সমিতিয়েও নিজৰ জিলাৰ উপায়ুক্তৰ জৰিয়তে জে পি চি লৈ বিধেয়কখনৰ বিৰোধিতা কৰি স্মাৰকপত্ৰ প্ৰদানৰ ব্যৱস্থা কৰিছে।