নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে উজনি অসমত ১০০ ঘণ্টীয়া অৰ্থনৈতিক অৱৰোধে

Citizenship (Amendment) Bill 2016

বিতৰ্কিত আৰু অসমীয়া জাতিৰ বাবে যমদূতস্বৰূপ নাগৰিকত্ব সংশোধনী বিধেয়কখনক লৈ এতিয়াও সমগ্ৰ ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ, ধৰ্ণা, সমদল। লগতে অব্যাহত আছে ৰাজনৈতিক নেতাসকলৰ কৌশলী স্থিতি। বিধেয়কখনক লৈ ১৫ মে’ত উজনি অসমত ব্যাপক প্ৰতিবাদ হোৱাৰ লগতে ১০০ ঘণ্টীয়া অৰ্থনৈতিক অৱৰোধ আহ্বান জনাইছে বহুকেইটা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে।

জাতীয় জনগোষ্ঠীয় ঐক্যমঞ্চৰ পতাকাৰ তলত তাই আহোম যুৱ পৰিষদ, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ পৰিষদ, কৈৱৰ্ত যুৱ-ছাত্ৰ সন্মিলন, চাহ জনজাতি ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, চুতীয়া যুৱ সন্মিলন, মুচলিম যুৱ পৰিষদ, মটক যুৱ-ছাত্ৰ সন্মিলনস মুচলিম যুৱ পৰিষদ প্ৰগতিশীল আদিকে ধৰি ১২টা সংগঠনে এই ১০০ ঘণ্টীয়া অৰ্থনৈতিক অৱৰোধৰ আহ্বান জনাইছে।

প্ৰতিবাদ-অৱৰোধৰ ফলত বন্ধ হৈছে অইলৰ খাদ। যান-বাহনৰ চলাচলতো অসুবিধাই দেখা দিছে। ফলত সৰ্বসাধাৰণ লোকো হাৰাশাস্তিৰ সন্মুখীন হৈছে।

উল্লেখযোগ্য যে ১৫ মে’ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদী সমদল বাহিৰ কৰিছিল। ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰ বিৰোধী ধ্বনি দিয়াৰ লগতে প্ৰতিবাদী কাৰ্য্যসূচীৰ অংশস্বৰূপে চাৰিজন ছাত্ৰই মুণ্ডনো কৰিছিল।