নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যত অব্যাহত থকা বিক্ষোভ- প্ৰতিবাদৰ মাজতে এচাম ন্যস্তস্বাৰ্থ জড়িত মহলে সমাজত বাঙালী- মুছলমান বিদ্বেষ বিয়পাবলৈ চেষ্টা কৰা বিষয়টোত চৰম উদ্বিগ্নতা প্ৰকাশ কৰিছে অসম নাগৰিক সমাজে।
আজি গুৱাহাটী প্ৰেছ ক্লাবত অসম নাগৰিক সমাজৰ হৈ এখন সংবাদমেল সম্বোধন কৰি অসম নাগৰিক সমাজৰ সভাপতি হৰেকৃষ্ণ ডেকা, কাৰ্যকৰী সভাপতি অজিত কুমাৰ ভূঞা, সাধাৰণ সম্পাদক পৰেশ মালাকৰ, যুটীয়া সম্পাদক অখিল ৰঞ্জন দত্তই বিষয়টো সন্দৰ্ভত তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
এই সন্দৰ্ভত বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই কয়— ‘অসমীয়া জাতিয়ে অস্তিত্ব ৰক্ষাৰ বাবে কৰা আন্দোলনক একাংশই উগ্ৰ জাতীয়তাবাদী আৱেগ বুলি মোহৰ লগাব বিচাৰিছে’। আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডঃ হীৰেন গোহাঁইক লৈ কৰা তীৰ্যক মন্তব্যক ধিক্কাৰ দি ভূঞাই কয় যে ‘হীৰেন গোহাঁই এজন ব্যক্তি নহয়, তেওঁ এটা ধাৰাক প্ৰতিনিধিত্ব কৰিছে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ সোঁৱে-বাঁৱে থকা মানুহক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আমাক কেনেকৈ নিয়ন্ত্ৰণ কৰিব’।
আনহাতে ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ‘দৈনিক যুগশংখ’ কাকতত প্ৰকাশ পোৱা বংগৰ কেইবাগৰাকীও আগশাৰীৰ লেখক-সাহিত্যিকে অসমত অসমীয়াৰ বাহিৰে আন ভাষী মানুহৰ বিৰূদ্ধে আন্দোলন চলা বুলি কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূঞাই কয়— ‘এনে মন্তব্যই আমাক দুখ দিছে। ই সম্পূৰ্ণৰূপে মিছা অভিযোগ। তেওঁলোকে বিষয়টো নজনাকৈ মন্তব্য কৰিছে’।
একেটা প্ৰসংগতে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক লৈ বিজেপি বিধায়ক শিলাদিত্য দেৱে শেহতীয়াভাৱে কৰা মন্তব্য সন্দৰ্ভত কবি হৰেকৃষ্ণ ডেকাই কয়— ‘জুবিন গাৰ্গ এজন প্ৰসিদ্ধ গায়কেই নহয়, তেওঁ এজন নাগৰিক। নাগৰিক হিচাপে তেওঁৰ বাক্ স্বাধীনতা আছে। এজন বিধায়কে বাক্ স্বাধীনতাত হস্তক্ষেপ কৰিব বিচাৰিছে, তাত মুখ্যমন্ত্ৰীয়ে এক উচিত পদক্ষেপ ল’ব লাগিছিল’।
মুখ্যমন্ত্ৰীয়ে কোৱা ৰাইজৰ বিপৰীতে থকাতকৈ মুখ্যমন্ত্ৰী হৈ নথকাই ভাল বোলা কথাষাৰৰ উদ্ধৃতিৰে তেওঁ লগতে কয়— ‘মুখ্যমন্ত্ৰীৰ উক্ত কথাত আশ্বস্ত হ’ব নোৱাৰি। কিয়নো উক্ত কথা কোৱাৰ ২৪ ঘন্টা নৌহওঁতেই বিজেপিৰ শীৰ্ষ নেতা ৰাম মাধৱে অসমীয়া মানুহে যিমানে আন্দোলন নকৰক কিয় নাগৰিকত্ব সংশোধনী বিধেয়ক হ’বই বোলা কথাষাৰৰে মুখ্যমন্ত্ৰী এক প্ৰকাৰ দলৰ ফালৰ পৰা সকিয়নী প্ৰদান কৰিলে’।
সংবাদ মেলখনত অখিল ৰঞ্জন দত্তই কয়— ‘অসমৰ ৰাইজে সংবিধানৰ গণ্ডীৰ ভিতৰত থাকি কাম কৰি আছে, আইন আৰু সংবিধান চৰকাৰেহে উলংঘা কৰিছে’।
নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে নাগৰিক সমাজৰ এই উদ্বিগ্নতা প্ৰকাশ স্বাভাৱিকতে যথেষ্ট তাৎপৰ্যপূৰ্ণ।