• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক বিষয়ত হ’বলগীয়া আলোচনা চক্ৰলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিক আমন্ত্ৰণ নজনোৱাটো বিজেপি চৰকাৰৰ ষড়যন্ত্ৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 8, 2018 4:55 pm
Akhil Gogoi PMT
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ২০ আৰু ২১ ফেব্ৰুৱাৰীৰ দিনা নতুনকৈ গঠিত হোৱা যুটীয়া সংসদীয় কমিটিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সংক্ৰান্তত আয়োজন কৰা আলোচনা চক্ৰত ৬-৭ টা মুষ্টিমেয় সংগঠনক আমন্ত্ৰণ কৰিছে। কিন্তু তেওঁলোকে কৃষক মুক্তি সংগ্ৰাম সমিতিক এই আলোচনা চক্ৰলৈ আমন্ত্ৰণ নজনোৱাত এয়া বিজেপি চৰকাৰৰ ষড়যন্ত্ৰ বুলি আজি এক সংবাদমেলযোগে অখিল গগৈয়ে মন্তব্য কৰে।

তেওঁ জানিবলৈ দিয়া অনুসৰি লোকসভাৰ সচিব প্ৰধান টি. জি চন্দ্ৰশ্বেখৰে ই-মেইলযোগে অসমৰ বিভিন্ন দল-সংগঠনক এই নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ আলোচনা চক্ৰলৈ আমন্ত্ৰণ জনাইছে ।

Apply Now

তেওঁ সংবাদ মেলত কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক অসমীয়া জাতিৰ কাৰণে এটা ভয়ানক বিপদ। নাগৰিকত্ব বিধেয়কৰ বিৰোধীতা কৰি ৰাজ্যত বিভিন্ন দল-সংগঠনে সভা সমিতি অনুষ্ঠিত কৰিছে। এই বিধেয়কৰ বিৰোধিতা কৰিবলৈ গৈয়ে তেওঁ এন এছ এ ৰ অধীনত কাৰাগাৰলৈও গৈছিল।

নাগৰিকত্ব বিধেয়কক লৈ কেন্দ্ৰীয় চৰকাৰ আকৌ এটা নতুন ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি উল্লেখ কৰে কৃষক নেতাজনে। যুটীয়া সংসদীয় কমিটিয়ে এই আলোচনাটো অসমত অনুষ্ঠিত কৰিব বুলি অসম চৰকাৰে এক জাননী জাৰি কৰিছিল। জাননী অনুসৰি অসমৰ ৰাইজৰ সৈতে নাগৰিকত্ব সংশোধনী বিধেয়কখন অসমৰ ৰাইজক লাগে নে নালাগে সেই সন্দৰ্ভত অসমতে এক আলোচনা কৰা হ’ব বুলি তেওঁ তথ্য সহকাৰে আজিৰ সংবাদ মেলত সদৰী কৰে।

মুখ্য মন্ত্ৰীয়ে ঘোষণা কৰিছিল যে যুটীয়া সংসদীয় কমিটি অসমলৈ আহিব লাগিব। কিন্তু দুৰ্ভাগ্যজনক কথা যে তেওঁলোকে অতি গোপনীয়ভাৱে অহা ২০ আৰু ২১ ফেব্ৰুৱাৰীত এই আলোচনা চক্ৰ অসমৰ বিপৰীতে দিল্লীত অনুষ্ঠিত কৰিব বিচাৰিছে বুলি অখিল গগৈয়ে উল্লেখ কৰে।

পূৰ্বতে এই আলোচনা চক্ৰলৈ আগতীয়াকৈ ৰাজহুৱা জাননী দি দল-সংগঠনক আমন্ত্ৰণ কৰা হৈছিল। কিন্তু এইবাৰ সম্পূৰ্ণ গোপনীয়ভাৱে মুষ্টিমেয় তথা বাছি বাছি দল-সংগঠন সমূহক আলোচনা চক্ৰলৈ নিমন্ত্ৰণ কৰা হৈছে বুলি আজিৰ সংবাদমেলত কৃষক নেতাজনে অভিযোগ তোলে।

উল্লেখযোগ্য যে কালি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীয়ে লোকসভাৰ সচিব প্ৰধান টি. জি. চন্দ্ৰশ্বেখৰলৈ ফোনযোগে আমন্ত্ৰণ নকৰাৰ সন্দৰ্ভত বাৰ্তালাপ কৰাৰ লগতে মেইল প্ৰেৰণ কৰিছিল। কিন্তু তেওঁ এয়া যুটীয়া সংসদীয় কমিটিৰ অধ্যক্ষৰ সিদ্ধান্ত বুলি অখিল গগৈক জনায় বুলি আজিৰ সংবাদমেলত তেওঁ অৱগত কৰে।এই সন্দৰ্ভত সংগঠনটোৱে যুটীয়া সংসদীয় সচিবলৈ মেইলযোগে অসমত এই আলোচনা চক্ৰখন অনুষ্ঠিত কৰিব লাগে বুলি দাবী জনোৱাৰ লগতে কিহৰ বাবে এই আলোচনা চক্ৰলৈ আমন্ত্ৰণ জনোৱা নহ’ল এই বিষয়ে প্ৰশ্ন উত্থাপন কৰে।

তদুপৰি নেতাজনে বিজেপি আৰু আৰ এছ এছে কেনেদৰে অসমলৈ হিন্দু বাংলাদেশী আনিব পাৰি সেই বিষয়ে চিন্তা-চৰ্চা কৰি তেওঁলোকৰ চকুৰ টোপনি হৰিছে বুলি আজিৰ সংবাদমেলত তাৎপৰ্য্যপূৰ্ণ মন্তব্য আগবঢ়ায়। লগতে তেওঁলোকে হিন্দু বাংলাদেশীক সংস্থাপন দিয়াৰ বাবে নিতৌ নতুন নতুন কৌশল অৱলম্বন কৰাত উঠি-পৰি লাগিছে বুলি তেওঁ উল্লেখ কৰে।

লক্ষণীয় যে তেওঁ অসমৰ সমূহ দল-সংগঠনক এই বিধেয়কখনৰ বিৰোধিতা কৰিবৰ বাবে ওলাই আহিবৰ বাবে আহ্বান জনায়।

কালি নাগৰিকত্ব বিধেয়কৰ ওপৰত বিৰোধী দলৰ বিধায়িকা অজন্তা নেওগে সৰ্বদলীয় এটা প্ৰস্তাৱ ডাঙি ধৰাৰ ওপৰত  অখিল গগৈয়ে কয়, ‘আমি অজন্তা নেওগৰ এই প্ৰস্তাৱৰ সমৰ্থন জনাইছো। লগতে সকলো ৰাজনৈতিক দলকে এই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিবৰ বাবে সকলোকে এটা সৰ্বদলীয় সিদ্ধান্ত গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছো।’

তদুপৰি তেওঁ তথ্যসহকাৰে কয় যে ২০১৬ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত হোৱা নাগৰিকত্ব বিধেয়কৰ প্ৰথমখন আলোচনা চক্ৰত ভাৰতৰ ১২ টা দল সংগঠনক আমন্ত্ৰণ জনাইছিল। তাৰ ভিতৰত অসমৰ পৰা  নিখিল বংগ নাগৰিক সংঘ, সদৌ অসম বেংগলী যুৱ-ছাত্ৰ ফেদাৰেচনকে ধৰি ৫ টা দলক তেওঁলোকে আলোচনাত মিলিত হ’বৰ বাবে আমন্ত্ৰণ জনাইছিল।

এই সন্দৰ্ভত তেওঁ স্পষ্টকৈ উল্লেখ কৰে যে এই নাগৰিক্ত বিধেয়কখনক সমৰ্থন কৰা দল-সংগঠন সমূহক বাছি বাছি বিজেপি চৰকাৰে আমন্ত্ৰণ কৰিছে, এয়া বিজেপি চৰকাৰৰ এক ষড়যন্ত্ৰ। দ্বিতীয়তে অসমৰ আছু, অগপক আমন্ত্ৰণ কৰা হৈছিল। তাৰ পিছত তেওঁলোকে দিল্লীতে কেৱল নহয়, ৰাজস্থান, যোধপুৰত গৈও ৰাজহুৱা শুনানি অনুষ্ঠিত কৰিলে।

ইয়াৰ উপৰি অসমত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে সভা-সমিতি অনুষ্ঠিত কৰাৰ পিছতো কিহৰ বাবে এই সম্বন্ধীয় আলোচনাৰ বাবে এই সংগঠনক নিমন্ত্ৰণ জনোৱা নহ’ল বুলি তেওঁ আজিৰ সংবাদ মেলত প্ৰশ্ন কৰে। ইয়াৰ বিপৰীতে সদৌ অসম ছাত্ৰ সন্থা তথা বঙালী ভাষী দল-সংগঠনকহে এই আলোচনা চক্ৰত নিমন্ত্ৰণ কৰা হ’ল বুলি তেওঁ সদৰী কৰে।

এই যুটীয়া সংসদীয় কমিটিত থকা অসমৰ চাৰিজন সাংসদক দাবী জনাই কয় যে তেওঁলোকে এই কমিটিক বাধ্য কৰাই এই আলোচনা চক্ৰ অসমত অনুষ্ঠিত কৰাব লাগে। যদিহে তেওঁলোকে এই বিষয়টো যুটীয়া সংসদীয় কমিটিক অৱগত নকৰে বা বাধ্য নকৰে তেন্তে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আইনৰ সহায় ল’বলৈ বাধ্য হোৱাৰ লগতে ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।

সংবাদমেলতে কৃষক নেতাজনে তেওঁলোক অসমত ১৯৭১ চনৰ পূৰ্বৰে পৰা বসবাস কৰি থকা বঙালী সম্প্ৰদায়ৰ লোকসকলৰ বিৰোধী নহয় বুলি সদৰী কৰে। ইয়াৰ বিপৰীতে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা হিন্দু, মুছলিম নাইবা অন্য ধৰ্মাৱলম্বী কোনো বিদেশীয়ে কোনো কাৰণত অসমত নাগৰিকত্ব পাব নোৱাৰে সেই বিষয়ত কষক মুক্তি সংগ্ৰাম সমিতি সংকল্পবদ্ধ বুলি তেওঁ উল্লেখ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm
পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd