নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত চিলাপথাৰৰ গণ সমাৱেশত জাতীয় সংগঠনৰ ঐক্যবদ্ধ আহ্বান

চিলাপথাৰৰ গণ সমাৱেশ

ধেমাজি জিলাৰ চিলাপথাৰত শুকুৰবাৰে এখন বিশাল গণ সমাবেশত হাজাৰ হাজাৰ লোক সমবেত হৈ কেন্দ্ৰীয় চৰকাৰক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ সকীয়াই দিলে ৰাজ্যখনৰ কেইবাটাও জাতীয় সংগঠনে।

আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া, আলফা নেতা জিতেন দত্ত, কৃষক নেতা অখিল গগৈ সহ কেইবাটাও দল-সংগঠনৰ নেতাৰ উপস্থিতিত বিশাল প্ৰতিবাদী সমাবেশখন অনুষ্ঠিত কৰা হয়।

ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোকে গণ সমাবেশত চৰকাৰৰ বিৰুদ্ধে ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলো।

আহ ঐ আহ ওলাই আহ, অসমীয়া আজি জাগিছে, অসম চৰকাৰ হায় হায়, মোডী চৰকাৰ হায় হায়, বাংলাদেশীক নাগৰিকত্ব দিয়া নচলিব আদি শ্ল’গানেৰে প্ৰতিবাদকাৰী জনতাই আকাশ বতাহ কঁপাই তোলে।

কালি পুৱাৰে পৰা জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা ওলাই অহা লোকসকলে কোনো কাৰণতে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত কৰিব নিদিয়াৰ হুংকাৰ প্ৰদান কৰে।

টাই আহোম ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, কোচ ৰাজবংশী ছাত্ৰ সন্থা, সোণোৱাল কছাৰী ছাত্ৰ সন্থা, অনুসূচিত জাতি ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, যুৱ ছাত্ৰ পৰিষদ, চিলাপথাৰ প্ৰেছ ক্লাৱ, খনামুখ যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত গণ সমাবেশত অসমৰ আন আন জাতীয় সংগঠনৰ নেতাও উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

আনহাতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ ৰাইজক শংকিত নহ’বলৈ কৈছে যদিও অসমৰ ৰাইজ এইক্ষেত্ৰত আশ্বস্ত হ’ব পৰা নাই ৷ মুখ্যমন্ত্ৰী সোণোৱালে বিজেপি চৰকাৰে অসম বিৰোধী কোনো কাম নকৰে বুলি আশ্বাস দিছে যদিও অসমীয়া জনসাধাৰণে আজিও বাংলাদেশী সংস্থাপনক লৈ নিজৰ শংকা আঁতৰাব পৰা নাই।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিদিনেই প্ৰতিবাদ অব্যাহত আছে। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসমৰ সকলো ৰাইজে ঐক্যবদ্ধভাৱে সংগ্ৰামত অৱতীৰ্ণ হোৱাৰ পণ লোৱা দেখা গৈছে।