নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত চাৰিঙত আছুৰ গণবিক্ষোভ

Protest against Citizenship bill

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধিতাৰে ৰাজ্যজুৰি বিভিন্ন দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে আছুৰ শিৱসাগৰ জিলা সমিতিৰ অন্তৰ্গত চাৰিং আঞ্চলিক সমিতিয়ে বিভিন্ন দল-সংগঠনৰ সহযোগত আজি বিধেয়কখন বাতিল কৰাৰ দাবীত এক গণবিক্ষোভ কায্যসূচী ৰূপায়ণ কৰে।

চাৰিং শিৱকান্ত দুৱৰা ৰাজহুৱা ভৱন প্ৰাংগনৰ পৰা আৰম্ভ হোৱা গণবিক্ষোভ কায্যসূচীৰ পূৰ্বে অনুষ্ঠিত হোৱাএখন প্ৰতিবাদী সভাত আছুৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক শৰৎ হাজৰিকাই অংশ গ্ৰহন কৰি  জাতি মাটি ভেটিৰ কথা কৈ অসমীয়াৰ মন জয় কৰা সৰ্বানন্দ সোনোৱাল চৰকাৰে অসমীয়া ৰাইজৰ জনমতক উপেক্ষা কৰি হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰিবলৈ লোৱা কাৰ্য্য অতি গৰিহনাযোগ্য বুলি কয়।

হাজৰিকাৰ উপৰি সভাত শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক অমূল্য গগৈ, চাৰিং শাখা সাহিত্য সভাৰ সম্পাদক দীপক বড়া, চাৰিং জোনাকী শিল্পী সমাজৰ সম্পাদক প্ৰাঞ্জল কাকতি আদিয়ে বক্তব্য প্ৰদান কৰে।

প্ৰতিবাদী কায্যসূচীৰ পিছতে প্ৰতিবাদকাৰীসকলে হাতে-হাতে প্লে’কাৰ্ড বেনাৰ আদি লৈ, ‘জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক’, ‘সৰ্বানন্দ সোনোৱাল চৰকাৰ হায় হায়’, ‘ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰক’, ‘খিলঞ্জীয়াৰ ৰক্ষাকৱচ প্ৰদান কৰক’, আদি শ্ল’গানেৰে চাৰিঙৰ আকাশ পাতাল কপাই তোলে।

চাৰিং জোনাকী শিল্পী সমাজ, বাৰুৱতী যুৱ সমাজ, ৰাস মহোৎসৱ কলা কৃষ্টি কেন্দ্ৰ, মহিলা সমিটি, শাখা সাহিত্য সভা, ব্যৱসায় সন্থা, ক্ৰীড়া সন্থা, জাগৰণ সংঘ আদিৰ লগতে ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজে অংশ গ্ৰহন কৰা উক্ত গণবিক্ষোভ কায্যসূচী চাৰিং বৰতলত সামৰণি পৰে।

ইয়াৰ উপৰি প্ৰতিবাদটোত আছুৰ জিলা সমিটিৰ উপদেষ্টা গোবিন ফুকন, শিৱসাগৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মন্টু চাহু, জিলা উপদেষ্টা পাৰ্থপ্ৰতীম বৰুৱা, প্ৰাক্তন আছু নেতা চুইট গগৈ, পিন্টু ৰঞ্জন চুতীয়া, জিতেন্দ্ৰ নাৰায়ন দুৱৰা আৰু আছুৰ জিলা সাংগঠনিক সম্পাদক দেবব্ৰত দাস, ভাস্কৰ নাথ, মানস প্ৰতীম নাথ, গৌতম চুতীয়া, যোগেশ্বৰ খনিকৰকে ধৰি কেইবা গৰাকী সদস্যই অংশ গ্ৰহন কৰে।