NORTHEAST NOW (Assamese)

নাঙলৰ সীৰলুৰে জীৱনৰ বাট বুলা জোনমণিয়ে পাছ কৰিলে মেট্ৰিক, গাওঁবাসীৰ মুখত হাঁহি

May 25, 2018 5:31 pm · মিটু খাটনিয়াৰ
Updated: May 25, 2018 5:47 pm

পথাৰত হাল বাই থকা অসমৰ ছোৱালীজনীৰ ফট’খন চাগে আপুনি দেখিছে। হালৰ মুঠিত ধৰি নাঙলৰ সীৰলুৰে জীৱনৰ বাট বুলা সেই ছোৱালীজনীয়েই মাজুলী ( Majuli )ৰ তামোলনি মিচিং গাঁৱৰ জোনমণি পায়েং।

হালৰ মুঠিত ধৰা বাবে জোনমণি আজি খবৰ হোৱা নাই। খবৰ হৈছে জোনমণিয়ে আজি মেট্ৰিক পাছ কৰিলে।

জোনমণিৰ ফলাফল সাধাৰণ, সংবাদ শিৰোনাম সৃষ্টিকাৰী নহয়। কিন্তু কুকুৰাৰ ডাকতে পথাৰমুৱা হোৱা তামোলনিৰ দৰিদ্ৰ মিছিং পৰিয়ালৰ ছোৱালীজনীয়ে মেট্ৰিক পাছ কৰাটোৱে পৰিয়ালটোৰ লগতে তামোলনি গাওঁবাসীৰ মুখত বিৰিঙাইছে প্ৰাপ্তিৰ হাঁহি।

মাজুলীৰ সুগম বাট-পথ নোহোৱা, বছেৰেকীয়া বানেধোৱা পিছপৰা গাওঁবোৰ যি দেখিছে, খিলঞ্জীয়া মিছিংসকলৰ জীৱন যি দেখিছে, তাতে আকৌ ছোৱালীৰ জীৱন যি দেখিছে বা সেই জীৱন যি জীছে, তেওঁ বুজিব কঠোৰ সংগ্ৰামৰ মাজতে জীৱনৰ সপোন দেখা, দেখিবলৈ সাহ কৰা জোনমণিয়ে মেট্ৰিক পাছ কৰাটো কিয় তেওঁৰ গাঁৱৰ মানুহৰ বাবে এটা খবৰ, আৰু সুখৰ খবৰ!

Related News