সম্প্ৰতি নিৰ্মাণ কাৰ্য বন্ধ হৈ থকা গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ স্থান পৰিদৰ্শন আৰু পুনৰীক্ষণ কৰাৰ বাবে বিশেষজ্ঞ কোন হ’ব, সেয়া আজি নিশ্চিত কৰিব ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিখন ন্যায়াধিকৰণে স্বেচ্ছাই ভংগ কৰিছিল আৰু এতিয়া বিশেষজ্ঞ কোন হ’ব একমাত্ৰ ন্যায়াধিকৰণেহে বিবেচনা কৰিব।
বিশেষজ্ঞ সমিতিৰ নিৰপেক্ষতাৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি প্ৰাক্তন আছু নেতা তুলাৰাম গগৈ আৰু আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই ন্যায়াধীকৰণত এটা গোচৰ তৰিছিল আৰু সেই গোচৰৰ ভিত্তিতে ন্যায়াধীকৰণে বিশেষজ্ঞ সমিতিখন ভংগ কৰি এখন নতুন সমিতি গঠনৰ নিৰ্দেশ দিছিল।
সমান্তৰালভাৱে সমিতিখন নতুনকৈ গঠন কৰাৰ বাবে আবেদনকাৰী পক্ষৰ পৰাও বিশেষজ্ঞৰ তালিকা বিচাৰিছিল। আৰু সেই মৰ্মে আজি আছাম পাব্লিক ৱৰ্কছে উত্তৰ-পূবৰ এজন বিশেষজ্ঞৰ নাম আদালতত দাখিল কৰিব। তাৰোপৰি অন্য পক্ষয়ো বিশেষজ্ঞৰ নাম আজি আদালতত দাখিল কৰিব।
ইফালে আবেদনকাৰীয়ে আজি আদালতত দাখিল কৰা বিশেষজ্ঞৰ নাম সেউজ ন্যায়াধিকৰণে বিবেচনা কৰি সমিতিখন ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো যাতে পূৰ্বৰ আৰ্হিতেই নিৰ্মাণ হয় সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিখনৰ নিৰপেক্ষতা সন্দৰ্ভত সন্দেহ উপজাত আছাম পাব্লিক ৱৰ্ক আৰু প্ৰাক্তন আছু নেতা তুলাৰাম গগৈ ন্যায়াধিকৰণৰ কাষ চাপিছিল।