অসম ৰাজ্যিক মহিলা আয়োগৰ উদ্যোগত আৰু কেন্দ্ৰীয় মহিলা আয়োগৰ সহযোগত আজি নগাঁও চহৰৰ খগেন মহন্ত প্ৰেক্ষাগৃহত এক আইন সজাগতা সভা অনুষ্ঠিত কৰা হয়। এই সভাত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুৰজিৎ ভাগৱতীয়ে।
ভাগৱতীয়ে কয় যে, ‘মহিলাসকলৰ সুৰক্ষাৰ কাৰণে কেৱল আইন-কানুন থাকিলেই, তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত নহয়। এই ক্ষেত্ৰত সমাজখন সচেতন হোৱাৰ লগতে মহিলা সকলেও দায়িত্বশীল হ’ব লাগিব।’
সভাত ভাগৱতীয়ে ভাষণ প্ৰসংগত কয় যে, ‘অসমত নাৰী নিৰ্যাতনৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পোৱাটো এক উদ্বেগৰ বিষয় হৈ পৰিছে। অসমীয়া মানুহে পূৰ্বতে এটা চৰাই মাৰিবলৈও ভয় কৰিছিল, কিন্তু এতিয়া এই অসমীয়া সমাজখনত বিভিন্ন ধৰণৰ অপৰাধ জনিত ঘটনা প্ৰতিদিনাই সংঘটিত হৈছে।’
তাৰোপৰি নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰত অসমৰ স্থান দ্বিতীয় বুলি এক পৰিসংখ্যা দাঙি কৰি ড° ভাগৱতীয়ে কয় যে, ‘আমি এতিয়া সজাগ হ’বৰ হ’ল। অন্যথা বিশ্ববাসীৰ আগত অসম লজ্জিত হ’ব লাগিব।’
ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ চিকিমিকি তালুকদাৰে সঞ্চালনা কৰা সভাত পদ্মশ্ৰী বঁটা প্ৰাপক তথা ৰাজ্যসভাৰ সাংসদ ড° জয়শ্ৰী গোস্বামী মহন্তই কয় যে — উদং দেহাই আমাক সৌন্দৰ্য নিদিয়ে, কাপোৰেহে সৌন্দৰ্য দিয়ে।
সভাত নগাঁও জিলা উপায়ুক্ত বিশ্বজিৎ পেগু,আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধীয়ো উপস্থিত থাকি নিজৰ নিজৰ ভাষণ প্ৰদান কৰে। ইয়াৰ পূৰ্বে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অতিৰিক্ত উপায়ুক্ত দেৱযানী চৌধুৰীয়ে।
সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে আঁত ধৰা আজিৰ সভাখনত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি জ্ঞানদা বৰা, প্ৰাক্তন প্ৰশাসনিক বিষয়া কনক কছাৰী, বিশিষ্ট অধিবক্তা ক্ৰমে শ্বেহনাজ হুছেইন, পৰী বৰুৱা, ৰূপালী গোস্বামী আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।