মঙলদৈ আৰক্ষীয়ে বৃহস্পতিবাৰে এখন ধাবাৰ পৰা অভিযান চলাই এগৰাকী যুৱতী আৰু এগৰাকী বিবাহিত মহিলাক মানৱ সৰবৰাহকাৰী চক্ৰৰ হাতৰ পৰা উদ্ধাৰ কৰাৰ লগতে তিনিজন যুৱকক আটক কৰিবলৈ সক্ষম হয়।
আটকাধীন তিনি যুৱকে যুৱতী আৰু বিবাহিত মহিলা গৰাকীক গুৱাহাটীলৈ অনাৰ বাবে যোজা চলাওঁতেই হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় মঙলদৈ আৰক্ষী।
মানৱ সৰবৰাহৰ কাৰ্যত জড়িত তথা আটকাধীন তিনি যুৱকক আৰক্ষীয়ে ক্ৰমে জুলহাছ আলী আৰু বাবু আলী ইলায়েছৰ পুত্ৰ ৰিজাউল হক(২৪), চুকুৰ আলীৰ পুত্ৰ মহিজুল ইছলাম(২৭) বুলি চিনাক্ত কৰাৰ লগতে দুই যুৱক বটাবাৰী গাঁৱৰ নিবাসী বুলি জনায়। ইফালে আনজন যুৱক দৰং জিলাৰ দলগাঁও আৰক্ষী চকীৰ অন্তৰ্গত বেচামাৰী গাঁৱৰ নিৱাসী আব্দুল হামিদৰ পুত্ৰ ছাহ আলম বুলি চিনাক্ত কৰিছে।
আৰক্ষীয়ে আটকাধীন যুৱক কেইজনৰ কৱলৰ পৰা মানৱ সৰবৰাহকাৰী কাৰ্যত জড়িত এ এছ ০১ এক্স ১৮৬৭ নামৰ এখন মাৰুতী এল্ট’ জব্দ কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে মঙলদৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰঞ্জন বৰুৱাই বৃবস্পতিবাৰে নিশা পুনিয়াৰ এন পি ধাবাত যুৱক কেইজনক দুগৰাকী যুৱতীৰ সৈতে দেখা পাই সন্দেহ ওপজে। ফলত ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে যুৱক কেইজনক সোধ-পোছ কৰাত তেওঁলোকে নিজকে হিন্দু ধৰ্মৰ বুলি পৰিচয় দিয়ে।
কিন্তু আৰক্ষীয়ে যুৱক কেইজনৰ পৰিচয়পত্ৰ চোৱাত কৰাত তেওঁলোকৰ প্ৰকৃত স্বৰূপ ওলাই পৰে। লগে লগে আৰক্ষীয়ে যুৱক কেইজনক আটক কৰি সোধ-পোছ কৰাত উক্ত যুৱতী আৰু বিবাহিত মহিলা গৰাকীক কৌপাতি অঞ্চলৰ পৰা কৌশলেৰে গুৱাহাটীলৈ পঠিওৱাৰ বাবে অনা বুলি স্বীকাৰোক্তি দিয়ে।
ইতিমধ্যে মঙলদৈ আৰক্ষীয়ে মানৱ সৰবৰাহ কাৰ্যত জড়িত যুৱক কেইজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি ৩৭২ ধাৰাৰ অধীনত ৩১৮/১৮ নম্বৰৰ এটা গোচৰ ৰুজু কৰি তিনিওজনকে ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে।