• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নীৰৱে গুচি গ’ল ৯৭ বছৰীয়া অমিয়া ৰাজকুমাৰী : বৃহৎ ভূমিকা আছিল ‘ইতিহাসে সোঁৱৰা ছশটা বছৰ’-এ প্ৰকাশৰ মুখ দেখাত

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
May 6, 2018 7:16 pm
0fde7e2e-95c3-4dde-8069-1cba5e7d9366
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অমিয়া ৰাজকুমাৰী। দুদিন পূৰ্বে ৯৭ বছৰীয়া এইগৰাকী যোৰহাটবাসী মহিলাই নীৰৱে বিদায় ল’লে ইহ জীৱনৰ পৰা। সমগ্ৰ অসমৰ বাবে মহিলাগৰাকীৰ আছিল বিশিষ্ট অৱদান। বিশেষ পৰিচয় আছিল ইতিহাসবিদ, সৰ্বানন্দ ৰাজকুমাৰৰ পত্নী হিচাপে।

আহোম প্ৰশাসনৰ অধীনৰ অসমৰ ছশটা বছৰৰ ছবি এখন জীৱন্ত ৰূপত আঁকি থৈ গৈছিল ‘ইতিহাসে সোঁৱৰা ছশটা বছৰ’ৰ মাজত এই ইতিহাসবিদজনে। সেয়া ৬০ৰ দশকৰ কথা, য’ত এজন চৰকাৰী বিষয়া হৈও এই যজ্ঞসদৃশ কামৰ বাবে বিভিন্ন ঠাইত পুৰণি পুথি-পাঁজি উদ্ধাৰ কৰি অহোপুৰুষাৰ্থ কৰিছিল ইতিহাসবিদজনে।

Apply Now

পত্নী হিচাপে এই বৃহৎ কামত অনুপ্ৰেৰণা আৰু সহযোগিতাৰে নিজৰো এটা ভূমিকা আছিল অমিয়া ৰাজকুমাৰীৰ। তাতকৈও ডাঙৰ দায়িত্ব কান্ধ পাতি লৈছিল এই ব্যতিক্ৰমী মনোবলৰ মহিলাগৰাকীয়ে। ছশটা বছৰৰ অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক দলিলখনৰ খচৰা ৰূপ দিয়াৰ পিছতে ১৯৬৯ চনত সৰ্বানন্দ ৰাজকুমাৰৰ মৃত্যু হৈছিল।

AmiyaRajkumari
‘ইতিহাসে সোঁৱৰা ছশটা বছৰ’ গ্ৰন্থখনৰ আঁৰৰ মহিলা, তিহাসবিদ সৰ্বানন্দ ৰাজকুমাৰৰ পত্নী অমিয়া ৰাজকুমাৰী।

কিন্তু তাৰ পিছত তেওঁৰ এই বৃহৎ কামটোক আগুৱাই নিয়াৰ দায়িত্ব কান্ধ পাতি ল’লে অমিয়া ৰাজকুমাৰীয়ে। যদিও তেওঁ আছিল মাত্ৰ অষ্টম শ্ৰেণী পৰ্য্যন্ত পঢ়া, তেওঁ গোটেই খচৰা কপিবোৰ নিজৰ সুন্দৰ সুন্দৰ হাতৰ আখৰেৰে প্ৰতিলিপি কৰিলে। সেই কামটো কৰি উঠিবলৈ তেওঁ সময় ল’লে প্ৰায় ১০ বছৰ। তাৰ পিছত গাঁঠিৰ ধন ভাঙি ৯০০ পৃষ্ঠাৰ কিতাপখন এটা স্থানীয় ছপাশালত ১৯৮০ চনত ছপা কৰালে। অমিয়া ৰাজকুমাৰীৰ সেই দূৰদৰ্শিতা, সঠিক সিদ্ধান্ত তথা মনোবলৰ অবিহনে আজিৰ প্ৰজন্মই এই মূল্যৱান বুৰঞ্জীৰ সমলটিৰ পৰা বঞ্চিত হ’ল হেঁতেন। কিন্তু গিৰীয়েকৰ নামৰ আঁৰত তল পৰি থাকিল এই অনৱদ্য অৱদানৰ মহিলাগৰাকীৰ পৰিচয়।

“আইতা মাত্ৰ অষ্টম শ্ৰেণীলৈকে পঢ়া আছিল। কিন্তু তেওঁ দহ বছৰ ধৰি এইখনৰ প্ৰতিলিপি কৰি শেষ কৰিছিল। তেওঁৰ ধনৰ নাটনিও আছিল। তৎসত্ত্বেও তেওঁ সেইখন ওচৰৰ ছপাশাল এটা ছপা কৰাইছিল।” নাতিয়েক অংকন ৰাজকুমাৰে কয়।

নিজৰ স্বামীৰ মৃত্যুৰ ১১ বছৰ পিছত অমিয়া ৰাজকুমাৰীৰ অশেষ ত্যাগ আৰু কষ্টৰ বিনিময়ত সকলোৰে বাবে সুলভ হোৱা বিৰল ঐতিহাসিক দলিল স্বৰূপ গ্ৰন্থখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰসংগ পুথি হিচাপে গ্ৰহণ কৰা হয়।

“এই শতিকাৰ প্ৰথমৰ ফালে আগ শাৰীৰৰ প্ৰকাশন বনলতাই কিতাপখন ছপা কৰাৰ দায়িত্ব লয় আৰু তাৰ ফলত কিতাপখন জনপ্ৰিয়তা আৰু সমালোচকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয়।” অংকন ৰাজকুমাৰে কয়।

উল্লেখযোগ্য যে অমিয়া ৰাজকুমাৰীয়ে তেওঁৰ গিৰীয়েকৰ স্মৃতিত যোৰহাটৰ ৰাজমাও পুখুৰীৰ কাষত আহোমসকলৰ এটা উপাসনা গৃহ দেওঘৰ স্থাপন কৰিছিল।

স্মিতা ভট্টাচাৰ্য্য

স্মিতা ভট্টাচাৰ্য্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

September 18, 2026 2:22 pm
পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

September 18, 2026 1:05 pm
বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

September 18, 2026 12:13 pm
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

September 18, 2026 10:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

September 18, 2026 2:22 pm
পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

September 18, 2026 1:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd