পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে গুৱাহাটীত অল আছাম বিজেপি বুথ সভাপতিসকলৰ শীৰ্ষ সন্মিলনৰ প্ৰস্তুতি

BJP Booth Presidents’ Summit in Guwahati

অসমৰ পঞ্চায়ত নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনৰ সৰ্বত্ৰ আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ। শাসনাধিস্থ ৰাজ্যিক বিজেপিয়েও জোৰদাৰ কৰি তুলিছে নিৰ্বাচনী প্ৰস্তুতি। এনে প্ৰস্তুতিৰেই অংশ হিচাপে গুৱাহাটীত অহা ২৪ মাৰ্চত অল আছাম বিজেপি বুথ সভাপতিসকলৰ শীৰ্ষ সন্মিলনৰ আয়োজন চলিছে। নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰাৰ বাবে গুৱাহাটীৰ খানাপাৰাত থকা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত এখন সন্মিলন অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলাইছে বিজেপিয়ে।

এটা সূত্ৰত প্ৰকাশ যে মাৰ্চৰ ২৪ তাৰিখে বিজেপিৰ বুথ সভাপতিৰ সন্মিলনখন খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত  অনুষ্ঠিত হ’ব।

সূত্ৰটোৱে জনোৱা মতে বুথ সন্মিলনখনত উপস্থিত থাকিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। সূত্ৰটোৱে দাবী কৰামতে অসমৰ ইতিহাসত এই সন্মিলনখনেই হ’ব সাংগঠনিক পৰ্যায়ৰ আটাইতকৈ ডাঙৰ সভা।

আগন্তুক পঞ্চায়ত নিৰ্বাচনত পঞ্চায়ত পৰ্যায়ত কংগ্ৰেছক সমূলঞ্চে নিৰ্মূল কৰাৰ লক্ষ্য আগত ৰাখি অমিত শ্বাহে ২৫,৮৪৯গৰাকী বুথ সভাপতি, ৩০৩গৰাকী মণ্ডল সভাপতি আৰু ৩৪গৰাকী জিলা সভাপতিৰ সৈতে আলোচনাত মিলিত হ’ব।

জানিব পৰা গৈছে যে ত্ৰিপুৰাত সফল হোৱাৰ পিছত অসমৰ পঞ্চায়ত নিৰ্বাচনত ‘ত্ৰিপুৰা মডেল’ অনুসৰি নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰিবলৈ আগবাঢ়িছে বিজেপি।

আগন্তুক নিৰ্বাচনত জয়ী হোৱাৰ বাবে বিজেপিয়ে ইতিমধ্যে পৃষ্ঠ প্ৰমুখসকলক নিযুক্তি দিছে। পৃষ্ঠ প্ৰমুখ ভোটাৰ তালিকাৰ দায়িত্বত থকা লোক। তেওঁলোকে ভোটাৰ তালিকাত নাম থকাসকলক লগ কৰাৰ দায়িত্বত নিয়োজিত থাকে।

মাৰ্চ মাহৰ ২৪ তাৰিখে সৰ্বমুঠ ৩,৩,০০০গৰাকী পৃষ্ঠ প্ৰমুখৰ প্ৰত্যেককে ৬০গৰাকী ভোটাৰৰ দায়িত্ব আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হ’ব। বুধবাৰে ৰাজ্যিক বিজেপিৰ সম্পাদক দিলীপ শইকীয়াই নৰ্থ ইষ্ট নাওক জনোৱা মতে এই সন্মিলনখন উদ্বোধন কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে।

অহা বছৰ অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ আগে আগে অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনক অতি গুৰুত্ব সহকৰে লৈছে বিজেপিয়ে।