পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰণডংকা অগপৰ : ৫ এপ্ৰিলত খানাপাৰাত বুথ সন্মিলন

l_Asom-Gana-Parishad-1504087187

ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতেই নিৰ্বাচনক লৈ তত্‌ নোহোৱা হৈছে অসমৰ আটাইকেইটা ৰাজনৈতিক দলৰ। ইতিমধ্যে বিজেপিয়ে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে বুথ সন্মিলন অনুষ্ঠিত কৰাৰ পাছত মিত্ৰ দল অসম গণ পৰিষদ চমুকৈ অগপয়ো গুৱাহাটীত বুথ পৰ্যায়ৰ সন্মিলন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে।

ৰাজ্যৰ পঞ্চায়ত দখল কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত বৃহৎ আয়োজনেৰে ৫ এপ্ৰিলত বুথ পৰ্যায়ৰ সন্মিলন অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে অসম গণ পৰিষদ দলে।

জানিব পৰা মতে অসম গণ পৰিষদে কেইবালাখ টকা ব্যয়েৰে অনুষ্ঠিত কৰিবলৈ ওলাইছে বুথ পৰ্যায়ৰ কৰ্মী সন্মিলন। সন্মিলনলৈ ৰাজ্যৰ আটাইকেইখন জিলাৰে নেতা কৰ্মীসকল উপস্থিত থাকিবৰ বাবে জিলা-আঞ্চলিক কমিটীসমূহক কেন্দ্ৰীয় কমিটীয়ে কঠোৰ নিৰ্দেশ জাৰি কৰিছে।

উল্লেখ্য যে বিজেপিৰ লগত মিত্ৰতাৰে শাসনত বহিলেও আঞ্চলিকতাবাদী দলটোৰ শক্তি যাতে কোনো কাৰণতে হ্ৰাস নাপায়, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই অহা ৫ এপ্ৰিলত উক্ত সন্মিলনৰ আয়োজন কৰিছে। দলীয় সূত্ৰৰ পৰা জানিব পৰা মতে, বৰাক উপত্যকাত দলটোৰ সাংগঠনিক ভেটি পূৰ্বতকৈ যথেষ্ট হ্ৰাস পালেও উপত্যকাটোৰ তিনিওখন জিলাৰ পৰা নেতা-কৰ্মী আনিবলৈ নিৰ্দেশ দিছে।

সাধাৰণতে মধ্য আৰু নামনি অসমৰ কৰ্মীৰ দ্বাৰাই ৰাজনৈতিক দলসমূহে গুৱাহাটীত সভা অনুষ্ঠিত কৰে যদিও অগপই এইবাৰ দূৰণিবটীয়া জিলাসমূহৰ পৰাও কৰ্মী উপস্থিত কৰোৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

ৰাজ্যৰ একমাত্ৰ প্ৰধান আঞ্চলিক দল অগপই ৫ এপ্ৰিলত অনুষ্ঠিত কৰিবলগীয়া বুথ সন্মিলন তথা কৰ্মী সন্মিলনখনৰ জৰিয়তে আগন্তুক পঞ্চায়ত নিৰ্বাচনত ব্যাপক প্ৰভাৱ পেলাব বুলি আঞ্চলিক দলটোৰ নেতা-কৰ্মীয়ে আশা প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ উপস্থিতিত যোৱা ২৪ মাৰ্চত গেৰুৱা দলটোৱে গুৱাহাটীত পঞ্চায়ত নিৰ্বাচনৰ ৰণডংকা বজোৱাৰ পাছত অগপই ‘পঞ্চায়ত হ’ব উন্নয়নৰ আধাৰ, অগপই দিব ৰাইজৰ অধিকাৰ’ শীৰ্ষক শ্ল’গানেৰে ৰাইজৰ আস্থাভাজন হোৱাৰ প্ৰচেষ্টা চলাব।