NORTHEAST NOW (Assamese)

পত্নী আৰু দুই সন্তানক গুলীয়াই ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছৰ জোৱানৰ আত্মহত্যা

May 8, 2018 10:45 am · পিনাকী দাস
প্ৰতিনিধিত্বমূলক চিত্ৰ

ত্ৰিপুৰাত পুনৰ সংঘটিত হৈছে এটা স্বাঞ্চল্যকৰ ঘটনা। ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছৰ এজন জোৱানে নিজৰ পত্নী আৰু দুই সন্তানক নিজ চাৰ্ভিছ ৰাইফলেৰে গুলীয়াই হত্যা কৰি নিজেও আত্মহত্যা কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

এই জঘন্য ঘটনাতো সংঘটিত হৈছে পূব আগৰতলা আৰক্ষী থানাৰ অন্তৰ্গত ৰবিন্দ্ৰনগৰত। আজি ৰাতিপুৱাই সংঘটিত হোৱা এই ঘটনাটোক কেন্দ্ৰ কৰি ইতিমধ্যে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ঘটনা সন্দৰ্ভত পশ্চিম ত্ৰিপুৰা জিলাৰ আৰক্ষী অধীক্ষক অজিত প্ৰতাপ সিঙে নৰ্থ ইষ্ট নাওক জানিবলৈ দি কয়- ‘আমালৈ অহা খবৰ অনুসৰি ত্ৰিপুৰা ৰাজ্যিক ৰাইফলছৰ এজন সৈনিকে গোলবাজাৰ আৰক্ষী চকীৰ অধীনৰ ৰবিন্দ্ৰনগৰৰ নিজ বাসগৃহত তেওঁৰ পত্নী, পুত্ৰ আৰু কন্যাক গুলীয়াই হত্যা কৰি নিজেও আত্মহত্যা কৰে। ঘটনাৰ অন্তৰালত কি ৰহস্য লুকুৱাই আছে সেয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও আমি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছো’।

উল্লেখ্য যে দুদিন পূৰ্বে উত্তৰ ত্ৰিপুৰাৰ কৈলাচহৰত সীমান্ত সুৰক্ষা বাহিনীৰ এজন জোৱানে নিজৰে তিনি সতীৰ্থক গুলীয়াই হত্যা কৰি নিজেও আত্মহত্যা কৰিছিল। উক্ত স্বাঞ্চল্যকৰ ঘটনাৰ উত্তেজনা মাৰ নৌযাওতেই পুনৰ আৰক্ষী জোৱানৰ এনে কাৰ্যই স্বাভাৱিকতে সকলোকে আচৰিত কৰি তুলিছে।

Related News