পাঠশালাত দুচকীয়া বাহনৰ নথি পৰীক্ষা; এদিনতে জিলা পৰিবহণ বিভাগৰ সংগ্ৰহ ২৮ হাজাৰ টকা

IMG_20180724_174256

মঙলবাৰে বৰপেটা জিলা পৰিবহণ বিভাগৰ বিষয়া কৰ্মী আৰু বজালী মহকুমাৰ দণ্ডাধীশ অপূৰ্ব নাথৰ উপস্থিতিত স্থানীয় আৰক্ষীৰ সহযোগত পাঠশালা চহৰত চলাচল কৰা দুচকীয়া বাহন সমূহত এক তালাচী অভিযান চলায়।

এই তালাচী অভিযানৰ সময়ত অভিযানকাৰী দলটোৱে চহৰখনত চলাচল কৰা ৯৭ খন গাড়ীয়ে মটৰ আইন উলংঘা কৰাৰ অভিযোগত জৰিমনা বিহে। তাৰোপৰি ৩১ খন দুচকীয়া বাহনৰ নথিপত্ৰ জব্দ কৰাৰ লগতে ২৮ হাজাৰ টকাৰ জৰিমনাও সংগ্ৰহ কৰে।

আনহাতে এই তালাচী অভিযানত নথিপত্র বিহীন এখন মটৰ চাইকেল জব্দ কৰে বুলি জানিব পৰা যায়।

উল্লেখযোগ্য যে বিগত কিছু দিনৰ পৰা বৃহত্তৰ বজালী অঞ্চলত অনুজ্ঞাপত্ৰ তথা নথিপত্ৰ  বিহীন দুচকীয়া বাহন চালকৰ দৌৰাত্ম্যৰ বাবে বহু দুৰ্ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে আৰু যাৰ ফলত বহুতো নিৰীহ লোকে প্ৰাণ হেৰুৱাব লগীয়াৰ দৰে ঘটনা সংঘটিত হৈছে। সেয়ে এনে নথিপত্ৰ বিহীন চালকক নাকী লগোৱাৰ উদ্দেশ্যেই কালি জিলা পৰিবহণ বিভাগৰ উদ্যোগত চহৰখনত অতৰ্কিতে এই তালাচী অভিযান চলোৱা বুলি বজালী মহকুমাৰ দণ্ডাধীশে জানিবলৈ দিয়ে।

ইফালে জিলা পৰিবহণ বিভাগ, বজালী মহকুমাৰ দণ্ডাধীশ আৰু স্থানীয় আৰক্ষীয়ে চলোৱা তালাচী অভিযানক পাঠশালা অঞ্চলৰ ৰাইজে স্বাগতম জনোৱাৰ লগতে আদৰণীয় পদক্ষেপ বুলি অভিহিত কৰিছে। ইয়াৰ উপৰি মাজে মাজে চহৰখনত এনে ধৰণৰ তালাচী অভিযান চলাই যাবলৈও বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনায়।