কোকৰাঝাৰৰ লগতে চিৰাং জিলাৰ বিভিন্ন অঞ্চলত বিগত দুদিন ধৰি পৃথক বড়োলেণ্ডৰ দাবীত সফল প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত আজি পুনৰ উত্তাল হৈ পৰে বি টি এ ডিৰ বাক্সা। আজি ৰাতিপুৱাই বাক্সাৰ বৰমাত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ৰাজপথলৈ ওলাই আহি অৱৰোধ কৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ।
পৃথক বড়োলেণ্ডৰ দাবীত এবছুৰ উদ্যোগত প্ৰায় দহ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে বৰমাৰ ৩১ নং ৰাষ্ট্ৰীয় অৱৰোধ কৰাৰ উপৰি অসম চৰকাৰ হায় হায়, ভাৰত চৰকাৰ হায় হায়, ৰাজনাথ সিং হুচিয়াৰ, নৰেন্দ্ৰ মোদী হুচিয়াৰ, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ আদি বিভিন্ন শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
এবছুৰ কেন্দ্ৰীয় সম্পাদক লৰেঞ্চ ইছলাৰীয়ে প্ৰতিবাদস্থলীৰ পৰা কয় যে বিগত নিৰ্বাচনত বড়োলেণ্ড সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে আলোচনাৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে এতিয়ালৈ সেই প্ৰতিশ্ৰুতিৰ কোনো সহাঁৰি জনোৱা নাই তথা চৰকাৰে তেওঁলোকক বিশ্বাসঘাটকতা কৰা বুলিহে মন্তব্য কৰে।
পুৱা ৫ বজাৰ ১২ ঘন্টীয়া এবছুৰ এই প্ৰতিবাদত নামনি অসমৰ যাতায়াত ব্যৱস্থা স্তব্ধ হৈ পৰাৰ লগতে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ আবদ্ধ হৈ পৰে শ শ যান-বাহন।