প্রতিশোধৰ নীচ ৰাজনীতিত নামিল নেকি মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ? এই প্ৰশ্ন উঠাৰ মূলতে হ’ল- অসমত যোৱা তিনিদিনত নেত্ৰীগৰাকীৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু হোৱাৰ পিছত আজি প্ৰতিশোধমূলকভাৱে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে দলটোৰ সাংসদ-বিধায়কে।
উল্লেখযোগ্য যে অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ দ্বিতীয় খচৰা প্ৰকাশৰ পিছত মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে ইয়াক লৈ এক হুলস্থূলপূৰ্ণ তথা অপপ্ৰচাৰৰ ৰাজনীতিত লিপ্ত হৈছিল, যাৰ নেতৃত্ব দিছিল খোদ শীৰ্ষনেত্ৰী মমতা বেনাৰ্জীয়ে। তেওঁ এন আৰ চিক বাঙালী বিতাড়নৰ ষড়যন্ত্ৰ আখ্যা দিয়াৰ লগতে ধাৰাবাহিকভাৱে বিভিন্ন প্ৰৰোচনামূলক মন্তব্য দি আহিছে। ফলত অসমত বিভিন্ন পক্ষই নেত্ৰীগৰাকীৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু কৰিছিল।
কি্ন্তু ২ আগষ্টত অসম ভ্ৰমণ কৰি শিলচৰত হ’ব লগীয়া এখন সভাত অংশ গ্ৰহণৰ বাবে অহা দলটোৰ ৮জন প্ৰতিনিধিক শিলচৰৰ বিমানবন্দৰতে আটক কৰি ৰখা হয় আৰু ৩ জুলাইত তেওঁলোকক তাৰ পৰাই ঘূৰাই পঠোৱা হয়।
কিন্তু শিলচৰৰ পৰা অধোবদনে ঘূৰি যোৱাৰ পিছতে এই সময়ছোৱাত তেওঁলোকক বে-আইনীভাৱে আটক কৰি ৰখা তথা হাৰাশাস্তি কৰা হৈছিল বুলি গোচৰ দিছে সাংসদ কাকলি ঘোষ দস্তিদাৰ আৰু বিধায়িকা মহুৱা মৈত্ৰই। কাকলি ঘোষে দমদম বিমানবন্দৰৰ আৰক্ষী থানাত গোচৰ দিয়ে।
আনহাতে বিধায়ক মহুৱা মৈত্ৰয়ো আলিপুৰ দুৱাৰ আৰক্ষী থানাত একে ধৰণৰ অভিযোগ আনি গোচৰ দিছে।
স্বাভাৱিকতে ইয়াক প্ৰতিশোধৰ ৰাজনীতি আখ্যা দিছে অসমৰ ৰাইজে। অসমত চলি থকা এন আৰ চি প্ৰক্ৰিয়াক বাঙালীৰ বিৰুদ্ধে ষড়যন্ত্ৰ বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰি থকা তৃণমূল কংগ্ৰেছৰ এই শেহতীয়া ৰাজনীতিক গৰিহণা দিছে অসমৰ ৰাইজে।