আজিৰে পৰা তিনিটা পর্যায়ত অনুষ্ঠিত হৈছে অসম প্রদেশ যুৱ কংগ্রেছৰ নির্বাচন৷ অসম প্রদেশ যুৱ কংগ্রেছৰ সাংগঠনিক নির্বাচনৰ ভোটগ্রহণ আজি ৰাজ্যৰ ২৪খন জিলাৰ ৩৫টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে বুলি জানিব পৰা গৈছে৷
উল্লেখযোগ্য যে ভোটগ্রহণ অনুষ্ঠিত সমষ্টিকেইটা হ’ল— সৰভোগ, বৰপেটা, জনীয়া, বিহালী, উত্তৰ অভয়াপুৰী, সোণাই, ধলা, উদাৰবন্দ, ছিপাঝাৰ, দলগাঁও, পূব বিলাসীপাৰা, পশ্চিম বিলাসীপাৰা, লাহোৱাল, দুলীয়াজান, হাফলং, গোলাঘাট, লামডিং, দেৰগাঁও, মৰিয়নি, দিছপুৰ, ছয়গাঁও, বোকাজান, ৰাতাবাৰী, পাথাৰকান্দি, ঢকুৱাখনা, মাজুলী, জাগীৰোড, ধর্মপুৰ, চতিয়া, দক্ষিণ শালমাৰা, মানকাচৰ, ডিগবৈ, শদিয়া, ধিং, কলিয়াবৰ আৰু আমগুৰি৷
এইবাৰ যুৱ কংগ্ৰেছৰ সভাপতি পদত মুঠ দহগৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে সাধাৰণ সম্পাদক পদৰ বাবে ৪৬গৰাকী প্ৰাৰ্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে৷
আজি প্রথম পর্যায়ৰ ভোট গ্রহণত প্রায় ৩৫ হাজাৰ যুৱ কংগ্রেছৰ সদস্যই ভোটদান সাব্যস্ত কৰিব বুলি প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ এক সূত্ৰই৷ সভাপতি পদৰ একমাত্র মহিলা প্রার্থী প্ৰয়াত অঞ্জন দত্তৰ দুহিতা অংকিতা দত্তৰ গৃহ সমষ্টি আমগুৰিৰ উপৰি আন দুগৰাকী প্রার্থী নূৰ ছফিবুল ৱাহিদৰ নিজ সমষ্টি পূব বিলাসীপৰা আৰু ৰাতুল পাটোৱাৰীৰ গৃহ সমষ্টি ধর্মপুৰতো ভোটগ্রহণ অনুষ্ঠিত হৈছে৷
আনহাতে যুৱ কংগ্ৰেছৰ নিৰ্বাচন প্ৰসংগত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নিজৰ স্থিতি স্পষ্ট কৰি কয় যে ‘নিৰ্বাচনত কোনো প্ৰাৰ্থীকে সমৰ্থন কৰা নাই, সভাপতিৰূপে মই নিৰপেক্ষ স্থিতি লৈছোঁ, ৰাতুল পাটোৱাৰীক মই সমৰ্থন কৰা তথ্য শুদ্ধ নহয়।’
Top of Form