প্ৰতিখন জিলাতে ফাৰ্ষ্ট ট্ৰেক আদালত স্থাপনৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

hc-759

ৰাজ্যখনত নাৰীজনিত অপৰাধ বৃদ্ধি পোৱালৈ চাই আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই বৃহস্পতিবাৰে নাৰী নিৰ্যাতন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ নিৰ্দেশ দি ৰাজ্যৰ প্ৰতিখন জিলাতে ফাৰ্ষ্ট ট্ৰেক আদালত স্থাপনৰ পোষকতা কৰিছে।

এতিয়াৰে পৰা শিশু আৰু মহিলাৰ গোচৰৰ বিচাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত সম্পন্ন হ’ব। শিশু আৰু নাৰীজনিত অপৰাধৰ বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে সম্পন্ন কৰাৰ লক্ষ্যৰে এই ফাৰ্ষ্ট ট্ৰেক আদালতসমূহ স্থাপন কৰা হ’ব।

বিগত কেইবাটাও দিনত সংঘটিত হত্যা, ধৰ্ষণৰ ঘটনাই সকলোকে শংকিত কৰি তোলাৰ লগতে এনে ঘটনাৰ বিৰুদ্ধে ছচিয়েল মিডিয়াকে ধৰি বিভিন্ন মঞ্চত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

শিশু আৰু নাৰীজনিত এই বৰ্দ্ধিত ঘটনাই ৰাজ্য চৰকাৰখনকো চিন্তিত কৰি তুলিছে ৷ কিয়নো সামগ্ৰিকভাৱে আইন-শৃংখলা পৰিস্থিতৰ উন্নতি ঘটিলেও ৰাজ্যখনত নাৰীজনিত অপৰাধৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পাইছে ৷

ৰাজ্যত ২০১৬ চনৰ পৰা বৰ্তমানলৈকে ৩০০৯টা ধৰ্ষণৰ গোচৰ আৰু ১৭১০৬টা নাৰী নিৰ্যাতনৰ গোচৰ ৰুজু হৈছে।

নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ তথ্য অনুসৰি ২০১৬ চনত নাৰী নিৰ্যাতনৰ ঘটনাৰ ক্ষেত্ৰত দেশৰ ভিতৰত অসমৰ স্থান আছিল দ্বিতীয়। ৰাজ্যখনৰ এনে ঘটনাবোৰৰ বাবেই চৰকাৰখন উদ্বিগ্ন হৈ পৰিছিল আৰু এনে অপৰাধ ৰোধ কৰাৰ বাবে বিভিন্ন উপায় বিচাৰি তৎপৰ হৈ পৰিছিল।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেইদিনমান আগেয়ে এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ এখন পত্ৰ লিখি নাৰীজনিত অপৰাধৰ বিচাৰৰ বাবে ফাৰ্ষ্ট ট্ৰেক আদালত স্থাপনৰ বাবে অনুৰোধ জনাইছিল ৷