বুধবাৰে লখিমপুৰ জিলা কংগ্ৰেছে প্ৰতিবাদৰ নামত এটি ফুলকুমলীয়া শিশুক ঢকুৱাত উঠাই প্ৰখৰ ৰ’দত চোঁচৰাই লৈ ফুৰাক লৈ সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত আজি ঘটনা সন্দৰ্ভত দলীয় তদন্ত ঘোষণা অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে।
এই সন্দৰ্ভত আজি অসম কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই গুৱাহাটীত এখন সংবাদ মেলযোগে লখিমপুৰৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি ঘটনাৰ তদন্তৰ বাবে গঠন কৰি দিয়ে হৈছে এখন দুজনীয়া কমিটী। জ্যেষ্ঠ কংগ্ৰেছী দুৰ্লভ চমুৱা আৰু ৰমেন বৰঠাকুৰক তদন্তৰ দায়িত্ব দি ৰিপুণ বৰাই দোষীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে বুলি জানিব পৰা গৈছে। আনহাতে ৪৮ ঘণ্টাৰ ভিতৰত কমিটিখনে তদন্তৰ প্ৰতিবেদন দাখিল কৰিব লাগিব বুলিও নিৰ্দেশ দিছে বৰাই।
আনহাতে বুধবাৰে সংঘটিত অমানৱীয় কাণ্ডৰ বাবে লখিমপুৰ জিলা কংগ্ৰেছৰ বিৰুদ্ধে আজি দিছপুৰ থানাত দুটাকৈ গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে। ছিলভাৰ লাইন এডুকেশ্যন নামৰ এটা বেচৰকাৰী সংগঠন আৰু কংকুমণি বৰকটকী নামৰ লোকজনে দুটা গোচৰ তৰিছে এই সক্ৰান্তত।
উল্লেখযোগ্য যে ৰাজ্যজুৰি লখিমপুৰৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে প্ৰতিবাদী কাৰ্যসূচীত কণমানি শিশুক ব্যৱহাৰ কৰি অৱশেষত ক্ষমা খুজিলে লখিমপুৰ জিলা কংগ্ৰেছে। আজি লখিমপুৰ জিলা কংগ্ৰেছৰ হৈ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিলে সভাপতি ডাঃ জয়প্ৰকাশ দাসে।
প্ৰতিবাদৰ নামত অমানৱীয় কাণ্ড সংঘটিত কৰা লখিমপুৰ জিলা কংগ্ৰেছৰ বিষয়ববীয়াৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কি অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।