চলিত বিধানসভাৰ বাজেট অধিৱেশনত অসম চৰকাৰে পোন প্ৰথমবাৰৰ বাবে দাখিল কৰিব ডিজিটেল বাজেট। অহা ১২ মাৰ্চত বিধানসভাৰ মজিয়াত এই ডিজিটেল বাজেট দাখিল কৰিব ৰাজ্যৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন হ’বলগীয়া এই ডিজিটেল বাজেট ব্যৱস্থাক লৈ ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা নতুন পদক্ষেপত বিধায়কসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এক বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থাও কৰা হৈছে।
এই বিশেষ প্ৰাক বাজেট প্ৰশিক্ষণ ব্যৱস্থা অসম বিধানসভাৰ চেণ্ট্ৰেল হলত শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। মন্ত্ৰী-বিধায়কসকলৰ উপস্থিতিত এই প্ৰশিক্ষণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। মন্ত্ৰী-বিধায়কসকলক প্ৰশিক্ষণ প্ৰদান কৰিছে অসম চৰকাৰৰ বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ সিনহাই।
উল্লেখ্য যে ৰাজ্য চৰকাৰে প্ৰতিগৰাকী মন্ত্ৰী-বিধায়কক টেবলেটযোগে প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিছে।
বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত বাজেট দাখিল কৰাৰ পাছতে শাসক-বিৰোধী সকলো প্ৰতিনিধিয়ে সদনত ২০১৮-১৯ বৰ্ষৰ সাধাৰণ বাজেট টেবলেটযোগে চাব পাৰিব।
ইফালে প্ৰতিগৰাকী মন্ত্ৰী-বিধায়কক বাজেটখন সংলগ্ন হৈ থকা একোটাকৈ টেবলেটো প্ৰদান কৰা হ’ব।
ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ জনসাধাৰণৰ বাবে বাজেটখন যাতে সহজতে উপলব্ধ হয় তাৰ প্ৰতি লক্ষ্য ৰাখিও ৰাজ্য চৰকাৰে এনে পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিছে। অহা বিত্তীয় বৰ্ষৰ বাবে ৰাজ্য চৰকাৰে দাখিল কৰিবলগীয়া বাজেটখন সকলো লোকেই নিজৰ স্মাৰ্টফোনত চাব পাৰিব। ইয়াৰ বাবে সকলো স্মাৰ্টফোনধাৰীয়ে গুগল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব লাগিব এপ্লিকেচন।
স্মৰ্তব্য যে অসম তথা ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে ডিজিটেল মাধ্যমেৰে বাজেট দাখিল কৰা প্ৰসংগক লৈ ইতিমধ্যে ৰাজ্যখনৰ সৰ্বসাধাৰণৰ মাজত উৎকণ্ঠাৰ সৃষ্টি হৈছে।