অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত অনুষ্ঠিত হোৱা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ চলিত বৰ্ষৰ গণিত আৰু ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত গোৱালপাৰাত ফাদিল হোৱা বুলি ৰাজহুৱা অভিযোগ উঠিছে। এই অভিযোগৰ ভিত্তিতে বুধবাৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক তদন্ত কৰাৰ বাবে দাবী জনায় ছাত্ৰ সন্থাই।
প্ৰশ্ন কাকত ফাদিল সম্পৰ্কত কালি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথৰ নেতৃত্বত সন্থাৰ সাঃ সম্পাদক প্ৰকাশ দাস, সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উপদেষ্টা সীমান্ত ঠাকুৰীয়াসহ ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁই আৰু সচিব কমল গগৈক সাক্ষাৎ কৰে।
সাক্ষাতৰ সময়ত আছুৰ সভাপতি দীপাংক কুমাৰ নাথে প্ৰশ্নকাকত ফাদিলৰ সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰে। আনহাতে সচিব কমল গগৈয়ে বিষয়টো সন্দৰ্ভত নিজাববীয়াকৈ তদন্ত কৰাৰ লগতে অসম চৰকাৰকো পৃথক তদন্ত কৰিবৰ বাবে অনুৰোধ জনোৱাৰ কথা ঘোষণা কৰে।
উল্লেখ্য যে ছাত্ৰ সন্থাই দাবী কৰি কয় যে-শিক্ষা সংসদে ঘটনাটোৰ তন্ন তন্ন কৈ তদন্ত কৰি ছাত্ৰ-ছাত্ৰীক আশ্বস্ত কৰিব লাগিব। ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক জীৱনৰ সৈতে খেলি কোনো দুষ্ট চক্ৰই যদি প্ৰশ্নকাকত ফাদিলৰ দৰে ঘটনা সংঘটিত কৰিছে তেন্তে এনে চক্ৰক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে।
ইফালে শিক্ষা সংসদৰ অধ্যক্ষ আৰু সচিবে শীঘ্ৰে এই সমগ্ৰ ঘটনাৰ উচ্চ তদন্তৰ ব্যৱস্থা কৰিব বুলি ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটোক জনায়। দোষী ব্যক্তিক কোনো পধ্যেই সাৰি যাব দিয়া নহ’ব বুলিও দৃঢ়তাৰে প্ৰকাশ কৰে। আনহাতে এই সম্পৰ্কত সংসদে চৰকাৰক অৱগত কৰিব বুলিও প্ৰতিনিধি দলটোক অৱগত কৰে।
লক্ষ্যণীয় যে প্ৰশ্নকাকত ফাদিলৰ দৰে এটা গুৰুত্বপূৰ্ণ বিষয়ত এই পৰ্যন্ত অসম চৰকাৰ নিমাত হৈ থকা কাৰ্যত আছুই আচৰ্য প্ৰকাশ কৰে। এই সম্পৰ্কত অতি শীঘ্ৰে উচিত তদন্ত কৰি ছাত্ৰ-ছাত্ৰী তথা পৰীক্ষাৰ্থীসকলৰ শৈক্ষিক ভৱিষ্যৎ নিষ্চিত কৰিবলৈ আহ্বান জনায় অসম ছাত্ৰ সন্থাই।