মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ সভাকক্ষত ৰাজ্যৰ পৰিৱেশ আৰু বন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে। পৰ্যালোচনা বৈঠকত মুখ্য মন্ত্ৰীয়ে বিভাগটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত বিভাগটোৰ বিষয়া-কৰ্মাচাৰীৰ নতুন উদ্ভাৱনীমূলক ধাৰণা নথকা আৰু বিভাগটোৰ উত্তৰণৰ দিশত গতিশীলতা অনাৰ মানসিকতা নথকাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ৰাজ্যখনৰ জনসাধাৰণৰ মাজত বিভাগটোৰ সম্বন্ধে থকা নেতিবাচক ধাৰণা পৰিৱৰ্তন কৰাৰ দিশত ঐক্যৱদ্ধ প্ৰেচষ্টা চলোৱাৰ বাবে নিৰ্দেশ দিয়ে।
সম্প্ৰতি ৰাজ্যখনত বৃদ্ধি পোৱা বন্যহস্তীৰ মৃত্যু হ্ৰাস কৰাৰ বাবে ফলপ্ৰসু ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে বন্যহস্তী অহা যোৱা কৰা কৰিড’ৰ সমূহত উৰণীয়ে সেঁতুকে ধৰি অন্যান্য ব্যৱস্থা উপলব্ধকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগ কৰাৰ বাবেও নিৰ্দেশ দিয়ে।
আনহাতে ৰাজ্যখনত বন বিভাগৰ এচাম অসাধু বিষয়াই ঠিকাদাৰ সকলৰ সৈতে বুজাবুজি কৰি অসৎ উপায়েৰে নিৰ্মাণ সামগ্ৰী সমূহ সৰবৰাহ কৰি থকা বিষয়টোত মুখ্য মন্ত্ৰী গৰাকীয়ে অসন্তুষ্টি প্ৰকাশ কৰি এই অসাধু ব্যৱয়াসী সকলৰ বিৰুদ্ধে গোচৰ তৰাৰ বাবে বিভাগক নিৰ্দেশ দিয়ে। লগতে সৰ্বানন্দই কয় যে বন বিভাগৰ এনে অসাধু কাৰ্য আৰু ছিণ্ডিকেট চলোৱা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
বন বিভাগৰ নিৰ্মাণ সামগ্ৰী কঢ়িওৱা ট্ৰাক সমূহত দুই মাহৰ ভিতৰত জি পি এছ ব্যৱস্থা স্থাপন কৰাৰ বাবে মুখ্য মন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিয়াৰ লগতে জি পি এছ স্থাপন নকৰা ট্ৰাক সমূহক এই সামগ্ৰী কঢ়িওৱাত নিষেধাজ্ঞা জাৰি কৰিবলৈও নিৰ্দেশ দিয়ে।
মুখ্য মন্ত্ৰী গৰাকীয়ে স্বচ্ছতা আৰু অনিয়ম আঁতৰোৱাৰ বাবে বন বিভাগৰ বিভিন্ন আদেশ আৰু আদায়ৰ ব্যৱস্থা সমূহ আবকাৰী বিভাগৰ দৰে অনলাইনৰ মাধ্যমেৰে কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে।
আজিৰ বৈঠকতে মুখ্য মন্ত্ৰীয়ে মানস ৰাষ্ট্ৰীয় উদ্যানত এটা বিশ্ব মান সম্পন্ন আধুনিক অতিথিশালা স্থাপন কৰিবলৈও নিৰ্দেশ দিয়াৰ লগতে এই ৰাষ্ট্ৰীয় উদ্যানৰ মঠনগুৰিত বৰ্তমানে থকা অতিথিশালাটো সৌৰশক্তি পেনেল তথা অন্যান্য সা-সুবিধা উপলব্ধকৰণেৰে ব্যৱস্থা ল’বলৈও বিভাগক নিৰ্দেশ দিয়ে।
তাৰোপৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতি কাষৰীয়া অঞ্চলত এটা আন্তঃৰাষ্ট্ৰীয় কনভেশ্যন চেণ্টাৰ স্থাপনৰ লগতে ৰাজ্যখনৰ বন আৰু নৈসৰ্গিক প্ৰাকৃতিক শোভা আলোকপাতেৰে এখন বিশ্বমানৰ চলচ্চিত্ৰ নিৰ্মাণৰ বাবে উদ্যোগ ল’বলৈও বন বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব আলোক কুমাৰক মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।
আজিৰ বৈঠকতে মুখ্য মন্ত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া গাঁও সমূহৰ যোগ্যতা সম্পন্ন যুৱক সকলক ফৰেষ্ট গাৰ্ড হিচাপে নিযুক্তিৰ ব্যৱস্থা ল’বলৈও বিভাগক নিৰ্দেশ দিয়ে।
আজিৰ বৈঠকত পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, মুখ্য বন সংৰক্ষক বিকাশ ব্ৰহ্মৰ লগতে বিভাগৰ শীৰ্ষ বিষয়া সকলক উপস্থিত আছিল।