• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰিৱেশ আৰু বন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰিলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 22, 2018 9:53 pm
মুখ্য মন্ত্ৰী
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ সভাকক্ষত ৰাজ্যৰ পৰিৱেশ আৰু বন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে। পৰ্যালোচনা বৈঠকত মুখ্য মন্ত্ৰীয়ে বিভাগটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত বিভাগটোৰ বিষয়া-কৰ্মাচাৰীৰ নতুন উদ্ভাৱনীমূলক ধাৰণা নথকা আৰু বিভাগটোৰ উত্তৰণৰ দিশত গতিশীলতা অনাৰ মানসিকতা নথকাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ৰাজ্যখনৰ জনসাধাৰণৰ মাজত বিভাগটোৰ সম্বন্ধে থকা নেতিবাচক ধাৰণা পৰিৱৰ্তন কৰাৰ দিশত ঐক্যৱদ্ধ প্ৰেচষ্টা চলোৱাৰ বাবে নিৰ্দেশ দিয়ে।

সম্প্ৰতি ৰাজ্যখনত বৃদ্ধি পোৱা বন্যহস্তীৰ মৃত্যু হ্ৰাস কৰাৰ বাবে ফলপ্ৰসু ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে বন্যহস্তী অহা যোৱা কৰা কৰিড’ৰ সমূহত উৰণীয়ে সেঁতুকে ধৰি অন্যান্য ব্যৱস্থা উপলব্ধকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগ কৰাৰ বাবেও নিৰ্দেশ দিয়ে।

Apply Now

আনহাতে ৰাজ্যখনত বন বিভাগৰ এচাম অসাধু বিষয়াই ঠিকাদাৰ সকলৰ সৈতে বুজাবুজি কৰি অসৎ উপায়েৰে নিৰ্মাণ সামগ্ৰী সমূহ সৰবৰাহ কৰি থকা বিষয়টোত মুখ্য মন্ত্ৰী গৰাকীয়ে অসন্তুষ্টি প্ৰকাশ কৰি এই অসাধু ব্যৱয়াসী সকলৰ বিৰুদ্ধে গোচৰ তৰাৰ বাবে বিভাগক নিৰ্দেশ দিয়ে। লগতে সৰ্বানন্দই কয় যে বন বিভাগৰ এনে অসাধু কাৰ্য আৰু ছিণ্ডিকেট চলোৱা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

বন বিভাগৰ নিৰ্মাণ সামগ্ৰী কঢ়িওৱা ট্ৰাক সমূহত দুই মাহৰ ভিতৰত জি পি এছ ব্যৱস্থা স্থাপন কৰাৰ বাবে মুখ্য মন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিয়াৰ লগতে জি পি এছ স্থাপন নকৰা ট্ৰাক সমূহক এই সামগ্ৰী কঢ়িওৱাত নিষেধাজ্ঞা জাৰি কৰিবলৈও নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰী গৰাকীয়ে স্বচ্ছতা আৰু অনিয়ম আঁতৰোৱাৰ বাবে বন বিভাগৰ বিভিন্ন আদেশ আৰু আদায়ৰ ব্যৱস্থা সমূহ আবকাৰী বিভাগৰ দৰে অনলাইনৰ মাধ্যমেৰে কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে।

আজিৰ বৈঠকতে মুখ্য মন্ত্ৰীয়ে মানস ৰাষ্ট্ৰীয় উদ্যানত এটা বিশ্ব মান সম্পন্ন আধুনিক অতিথিশালা স্থাপন কৰিবলৈও নিৰ্দেশ দিয়াৰ লগতে এই ৰাষ্ট্ৰীয় উদ্যানৰ মঠনগুৰিত বৰ্তমানে থকা অতিথিশালাটো সৌৰশক্তি পেনেল তথা অন্যান্য সা-সুবিধা উপলব্ধকৰণেৰে ব্যৱস্থা ল’বলৈও বিভাগক নিৰ্দেশ দিয়ে।

তাৰোপৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতি কাষৰীয়া অঞ্চলত এটা আন্তঃৰাষ্ট্ৰীয় কনভেশ্যন চেণ্টাৰ স্থাপনৰ লগতে ৰাজ্যখনৰ বন আৰু নৈসৰ্গিক প্ৰাকৃতিক শোভা আলোকপাতেৰে এখন বিশ্বমানৰ চলচ্চিত্ৰ নিৰ্মাণৰ বাবে উদ্যোগ ল’বলৈও বন বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব আলোক কুমাৰক মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

আজিৰ বৈঠকতে মুখ্য মন্ত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া গাঁও সমূহৰ যোগ্যতা সম্পন্ন যুৱক সকলক ফৰেষ্ট গাৰ্ড হিচাপে নিযুক্তিৰ ব্যৱস্থা ল’বলৈও বিভাগক নিৰ্দেশ দিয়ে।

আজিৰ বৈঠকত পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়া, মুখ্য বন সংৰক্ষক বিকাশ ব্ৰহ্মৰ লগতে বিভাগৰ শীৰ্ষ বিষয়া সকলক উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd